# নলবাৰীৰ পৰা আব্দুল মজিদ :
BILLESWAR TEMPLE : ৪ লাখ ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়। বিগত দুটাকৈ বছৰ প্ৰতিকূল পৰিবেশৰ অন্তত এইবাৰ ৰাজ্যজুৰি শাৰদীয় দুৰ্গা উদযাপনৰ বিশাল আয়োজন চলিছে। ৰাজ্যখনৰ অন্যতম শক্তিপীঠ নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয় ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গা পূজা উদযাপনৰ। ইতিমধ্যে আজি শুক্লা প্ৰতিপদৰ পৰাই পূজাৰ কাৰ্যসূচী আৰম্ভ হৈছে। দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক ৰঞ্জিত মিশ্ৰই আজি প্ৰকাশ কৰে যে এইবাৰ পূজাৰ দিনকেইটাত বিশেষকৈ ষষ্ঠীৰ দিনাৰ পৰা শুক্লা দশমীৰ দিনকেইটাত ৪লাখ ভক্তৰ সমাগমৰ আশা প্ৰকাশ কৰিছে সম্পাদক মিশ্ৰই। আনহাতে মহানৱমীত এইবাৰ ৪৫ টাকৈ ম’হ বলি আৰু ২০ টা ম’হ উচৰ্গা হব বুলিও সম্পাদক মিশ্রৰ মন্তব্য প্ৰকাশ। উল্লেখ্য যে বিশেষকৈ মহানৱমীৰ দিনা ম’হ বলিক কেন্দ্ৰ কৰি ৰাজ্যৰ ভক্ত তথা সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি বছৰ বছৰ ধৰি আকৰ্ষণ কৰি আহিছে বিল্বেশ্বৰ দেৱালয়ৰ ম’হ বলি দানে। ইপিনে বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত এইবাৰ মুখ্য বন্তি প্ৰজ্জ্বলন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই।
BILLESWAR TEMPLE : ৪ লাখ ভক্তক আদৰিবলৈ সাজু নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়
মহানৱমীত ৪৫ টা ম'হ বলি ২০ টা উচৰ্গা,মুখ্য বন্তি প্ৰজ্জ্বলন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই

ADVERTISEMENT