COVID-19 : ক’ভিড আপডেট

1291904 covid test new pti

বিগত তিনি দিন ধৰি দেশত দৈনিক কৰ’না আক্রান্তৰ সংখ্যা চাৰি হেজাৰ হ’লেও বিগত ২৪ ঘণ্টাত কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৪,১১৬ । দেওবাৰে এই সংখ্যা আছিল ৪,৭৭৭ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৪৪৮ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৫৪১), তামিলনাডু (৫৩৮), পশ্চিমবংগ (৩৭৪) কর্নাটক (২১১) আৰু ওড়িছা (২১১) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ সাত জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্র আৰু ওড়িছাত দুজন, কর্নাটক, পশ্চিমবংগ আৰু কেৰালাত এজনকৈ লোকৰ ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি কৰ’নাত আক্রান্ত হৈ কেৰালাত ১৩ জনৰ আগতে মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । দেওবাৰে এই সংখ্যা আছিল ১২ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৮৬০ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

Exit mobile version