SCHEDULED CASTE COMMUNITY CINTAN MEETING : সোনাপুৰৰ ময়ুৰ গাৰ্ডেন ৰিজৰ্টতঅনুসূচিত জাতিৰ সমস্যা সমূহৰ ওপৰত চিন্তন বৈঠক

WhatsApp Image 2022 09 26 at 19.33.58

SCHEDULED CASTE COMMUNITY CINTAN MEETING : মহানগৰীৰ উপকন্ঠ সোনাপুৰৰ ময়ুৰ গাৰ্ডেন ৰিজৰ্টৰ সভাগৃহত দেওবাৰে অনুসূচিত জাতিৰ সমস্যা সমূহৰ ওপৰত এক চিন্তন বৈঠক বৈঠক অনুষ্ঠিত হয় ৷ সভাত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অংশগ্ৰহণ কৰে কেইবা গৰাকী বিশিষ্ট লোক ৷

অনুসূচিত জাতিৰ চিন্তন বৈঠকত জাতিটোৰ হকে বিশেষকৈ ভুমীপুত্ৰ মিছনৰ সংশোধন-বাতিল , অবৈধ জাতিগত প্ৰমান পত্ৰৰ বিৰোদ্ধে ন্যায়িক ব্যৱস্থা আৰু ১৬ উপ-জাতিক এক গোট কৰি জাতিক ভৱিশ্যত নিৰাপদ কৰা আদি দাবীৰে সমগ্ৰ জাতিকে এটা দিক নিৰ্নয়ৰ দিশত লৈ গৈ বহু দিনীয়া আধৰুৱা কিছু যোগাত্মক কৰ্ম সম্প্ৰাদনৰ বাবে গঠন কৰা হয় ৪জনীয়া আহ্বায়ক কমিটি ৷ নৱ গঠিত কমিটি খনৰ অন্যতম সদস্য হিচাপে অৰ্ন্তভুক্তি হোৱা কৈৱৰ্ত্ত সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ডমৰুধৰ দাসক চিন্তন বৈঠকত আদৰণি জনোৱা হয় ৷

বৈঠকে কৈৱৰ্ত জাতিৰ লগতে অনুসূচিত জাতিয়ে অসমত এটা দৃষ্টান্তমূলক উন্নয়নৰ সুযোগ ও উদাহৰণ স্থাপিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাা পোষকতা কৰে ৷ বৈঠকত কৈৱৰ্ত জনগোষ্ঠীৰ জ্যেষ্ঠ নেতা বিষ্ণু দাস সহ কেইবাগৰাকী গণমাধ্য লোক উপস্থিত থাকে ৷

Exit mobile version