গোৱালপাৰাত পি এফ আই ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : ১০ জনকৈ সদস্য গ্ৰেপ্তাৰ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পিএফ আইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰ হৈ উঠিছে । গোৱালপাৰাতো আৰক্ষীয়ে অভিযান চলাই দহ জনকৈ পি এফ আইৰ সদস্য আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে , গ্ৰেপ্তাৰ হোৱা ১০ জনকৈ সদস্যৰ তিনি জনক গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাত ৰাখি সোধা-পোছা আৰম্ভ কৰিছে ।
দুধনৈ আৰক্ষী চকীত ৰখা তিনিজন পি এফ আই সদস্য হৈছে , বৰপাথাৰ , ৰংজুলিৰ সদাগৰ আলী,গৰুচটকা,ধূপধৰাৰ জহিৰুল হক আৰু সুতাৰপাৰা মাটিয়াৰ জাংচেদ আলম । একেদৰে ধূপধৰাত দুজন আৰু আগিয়া থানাত বাকী পি এফ আইৰ সদস্য কেইটাক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

ইফালে দুধনৈ থানাত আজি আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ মহা পৰিদৰ্শক গৰাকী উপস্থিত হৈ পি এফ আইৰ সদস্য তিনি জনক জেৰা আৰম্ভ কৰিছে ।
একেদৰে কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা অঞ্চলৰ পৰাও ন জনকৈ পিএফ আইৰ সদস্যক আটক কৰা বুলি জানিব পৰা গৈছে ।

Exit mobile version