ধলাইত প্রায় এক কোটী ৬০ লাখ টকাৰ ইয়াভা টেবলেট বাজেয়াপ্ত কাছাৰ আৰক্ষীৰ

ধলাই থানাৰ অন্তৰ্গত ৩০৬ নম্বৰ শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ পাকইবিলত মিজোৰামৰ পৰা শিলচৰ অভিমুখে অহা এএছ১২এন৬৮৩৮ নম্বৰৰ এখন যাত্রীবাহী ছুম’ত তালাচী চলাই প্রায় এক কুটি ৬০ লাখ টকাৰ ইয়াভা নিছাৰ টেবলেট বাজেয়াপ্ত কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে ।

গোপন সূত্রৰ খবৰৰ ভীত্তিত কাছাৰ আৰক্ষী ছুপাৰ নোমল মাহাত্ত, অতিৰিক্ত আৰক্ষী ছুপাৰ সুব্রত সেন, ডিএছপি হেডকোৱাৰ্টাৰ কল্যাণ কুমাৰ দাস, ধলাইৰ ইন্সপেক্টৰ অ’চি মনোজ বৰুৱাৰ দলে অভিযান চলাই বিপুল পৰিমাণৰ ইয়াভা টেবলেট বাজেয়াপ্ত কৰিবলৈ সক্ষম হয় । যাৰ বজাৰ মূল্য আনুমানিক এক কোটি ৬০ লাখ টকা হ’ব বুলি কাছাৰ আৰক্ষী মাহাত্ত‌‌ই জনাইছে ।

অবৈধ নিচাজাতীয় সৰবৰাহ চক্রৰ স’তে জড়িত থকাৰ সন্দেহত ইতিমধ্যে এগৰাকী মহিলাসহ মুঠ ছজনক আটক কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষী । তেওঁলোকৰ স’তে থকা মহিলাসহ এটি শিশুকন্যা মনিপুৰৰ চূৰাচান্দপুৰৰ বাসিন্দা বুলি জানিব পৰা গ’লেও বাকীসকলৰ পৰিচয় এতিয়াও জানিব পৰা নাই ।

Exit mobile version