৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান

ৰঞ্জন দৈমাৰীসহ ১০ জনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

03BMHigh Court

২০০৮ৰ অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে চি বি আইৰ আদালতে দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিছিল ৷

স্মতৰ্ৱ্য যে ২০০৮ বৰ্ষৰ ৩০ অক্টোবৰৰ দিনটোত ভৰ দুপৰীয়া মাত্ৰ কেইমিনিটৰ ভিতৰত সদাব্যস্ত গুৱাহাটী গনেশগুৰি উৰণীয়া সেঁতুৰ তলত আৰু মুখ্য ন্যায়িক দণ্ডাধীশ আদালত চৌহদৰ লগতে বঙাইগাঁও বৰপেটা ৰোড আৰু কোকৰাঝাৰৰ ভিন্ন অঞ্চলত সংঘটিত দয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ নিমিয়তে বহুলোক ঢলি পৰে ৷ বহুতৰে দেহৰ অংশ ছিন্নবিছিন্ন হয়  ৷ এক আতংতময় পৰিৱেশৰ সৃষ্টি হয় ৷

জুই আৰু ধোঁৱাৰে আৱৰি পৰে অঞ্চলসমূহ ৷ কোনো ওলাই আহিছিল কাৰ্যালয়লৈ, কোনো ওলাই আহিছিল শ্ৰমৰ বাবে ৷ কিন্তু নিমিষতে সকলো শেষ হৈ যায় ৷ স্থানীয় লোক আৰু আৰক্ষীয়ে গুৰুতৰভাৱে আহতসকলক জোনে যেনেকৈ পাৰে চিকিৎসালয়লৈ নিয়াৰ দিহা কৰে ৷

মহানগৰীৰ সদাব্যস্ত গনেশগুৰি, পানবজাৰ আৰু ফাঁচীবজাৰ একেসময়তে বোমা বিস্ফোৰণ হোৱাৰ বিপৰীতে কোকোৰাঝাৰত তিনিটা, বঙাইগাঁৱত এটা আৰু বৰপেটা ৰোডত দুটা বিস্ফোৰণ সংঘটিত হয় ৷ এই ধাৰাবাহিক বিস্ফোৰণত ৮৮ গৰাকীকৈ নিৰীহ লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৫৫৫ জনৰো অধিক ৷

আনহাতে, চিৰদিনলৈ পংগু হয় অৰ্ধ শতাধিক ৷ বিস্ফোৰণত গুৱাহাটী মহানগৰত ৪১, বৰপেটাত ১৫ আৰু কোকোৰাঝাৰত ২২ জন নিহত হয় ৷ মনকৰিবলগীয়া যে এই বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে স্তব্ধ হৈ পৰে সমগ্ৰ অসম ৷

পহিলাতে এই বিস্ফোৰণ কোনো জেহাদীৰ দ্বাৰা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছিল যদিও পাছত চিবিআইয়ে তদন্ত কৰি নিশ্চিত কৰে এই ভয়ংকৰ বিস্ফোৰণ এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটে সংঘটিত কৰে ৷ পৰৱৰ্তী সময়ত চৰকাৰৰ স’তে শান্তি আলোচনাৰ জৰিয়তে মূলসুঁতিলৈ ঘূৰি আহে যদিও চিবিআই আদালতে ২০১৯ৰ ৩০ জানুৱাৰীত ৰঞ্জন দৈমাৰীসহ ন জনক ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে ৷ অৱশ্যে আন চাৰি জনক পাঁচৰ পৰা সাত বছৰৰ ৰায়দান দিয়ে ৷

চিবিআইৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰঞ্জন দৈমাৰীয়ৰ অধিবক্তা আপীল কৰে ৷ কিন্তু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে চিবিআইৰ পূৰ্ব ৰায়দানকে বাহাল ৰাখে ৷ উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰা সকল হ’ল অনচাই বড়ো, অজয় বসুমতাৰী, ৰাজু সৰকাৰ জৰ্জ বড়ো, লখৰা বসুমতাৰী, খগেশ্বৰ বসুমতাৰী, ইন্দ্ৰ ব্ৰক্ষ্ম, বৈচাগী বসুমতাৰী আৰু ৰাজেন গয়াৰীক দোষী সাব্যস্ত কৰে । মুঠ ১৪ জনৰ ভিতৰত চাৰিজনক দোষমুক্ত কৰে ৷

ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই আদালত চৌহদত সাংবাদিকক জানিব দিয়া মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰা কথা সদৰি কৰে ৷

Exit mobile version