BHABANIPUR ANCHALIC COLLEGE : “ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত একাডেমিক আৰু প্ৰশাসনিক হিচাপৰ কৰ্মশালা সম্পন্ন

WhatsApp Image 2022 09 27 at 20.28.20

BHABANIPUR ANCHALIC COLLEGE : “শিক্ষক সমাজৰ থকা শক্তিবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব।মানৱ সম্পদৰ বিকাশ,মানৱ সম্পদ সৃষ্টিৰ বাবে শিক্ষকে যুদ্ধ কৰিবয়েই লাগিব।প্ৰতিটো মূহুৰ্ততে শিক্ষকে আশাবাদী মানসিকতাৰে সৃষ্টি কৰিব লাগিব মানৱ সম্পদ।শিক্ষকে উন্নত চিন্তাৰে একো একো গৰাকী বুদ্ধিজীৱিৰ ভূমিকা লৈ শিক্ষাৰ্থীক আগুৱাই নি মানৱ সম্পদেৰে ভৰা এখন উচ্চমানৰ সমাজ সৃষ্টিত ভূমিকা পালন কৰিব লাগিব।কাৰণ যিয়ে বুদ্ধিজীৱি হ’ব পাৰে তেওঁ চিন্তা কৰিব পাৰে।” এইদৰে কয় বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতাই আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত এখন শৈক্ষিক কৰ্মশালাত সমল ব্যক্তিৰ ভাষণত।ড° যোগেন চন্দ্ৰ কলিতাই তেওঁৰ ভাষণত কয় যে – “এগৰাকী শিক্ষাৰ্থীয়ে যদি শিক্ষা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক কিয় পাঠদান হোৱা নাই বুলি প্ৰশ্ন কৰাটো চিন্তনীয়।

কাৰণ অসমত শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ বা মুৰব্বীক কিয় পাঠদান হোৱা নাই বুলি প্ৰশ্ন কৰা শিক্ষাৰ্থী অৰ্থাৎ মানৱ সম্পদ সৃষ্টি হৈছে”। উল্লেখ্য যে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত “একাডেমিক আৰু প্ৰশাসনিক হিচাপ” বিষয়ক কৰ্মশালাত সমল ব্যক্তিৰ ভাষণত শিক্ষাবিদ – বুদ্ধিজীৱি ড° যোগন চন্দ্ৰ কলিতাই নিৰ্দিষ্ট বিষয়ৰ ওপৰত বহলভাৱে অতি তাৎপৰ্যপূৰ্ণ বিশ্লেষণ আগবঢ়ায়।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই সঞ্চালনা কৰা আৰু আদৰণি ভাষণ দিয়া কৰ্মশালাৰ আত ধৰে মহাবিদ্যালয়খনৰ আই কিউ এ চিৰ সমন্বয়ক সহযোগী অধ্যাপক ড° সমীৰণ শৰ্মাই। সঞ্চালকৰ ভাষণত ড° মুকুন্দ শৰ্মাই একাডেমিক আৰু প্ৰশাসনিক হিচাপৰ ওপৰত আলোচনাচক্ৰ, কৰ্মশালাৰ জৰিয়তে শিক্ষানুষ্ঠানৰ গুণগত মানদণ্ডৰ দিশ আগুৱাই যোৱাৰ সহায়ক হয় বুলি উল্লেখ কৰি নিৰ্দিষ্ট বিষয়ৰ ওপৰত বাখ্যা কৰে। কৰ্মশালাত সামৰণি ভাষণ দিয়ে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° আব্দুছ ছালামে। কৰ্মশালাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ লগতে কেবাখনো মহাবিদ্যালয়ৰ অধ্যাপকে অংশগ্ৰহণ কৰে।

Exit mobile version