CACHAR POLICE : কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় ইয়াভা টেবলেট

আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১৬০ কৌটি টকাৰ ইয়াভা টেবলেট , আটক মহিলা আৰু শিশু সহ ৬ জন

WhatsApp Image 2022 09 27 at 19.44.51

CACHAR POLICE : কাছাৰৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথৰ কাবুগঞ্জত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১৬০ কৌটি টকাৰ নিচা জাতীয় ইয়াভা টেবলেট ৷ গোপন সূত্ৰৰ ভিত্তিত ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাবুগঞ্জ অঞ্চলত মিজোৰামৰ পৰা শিলচৰ অভিমূখে আই থকা AS 12N 6838 নম্বৰৰ এখন সোম বাহনৰ তলাচি অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪ লাখ ইয়াভা টেবলেট ৷ লগতে আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মিজোৰামৰ ৬ জনক আটক কৰে আৰক্ষীয়ে ৷

ইয়াৰ মাজত এজন শিশু আৰু এগৰাকী মহিলা ও আছে ৷ বাহনৰ ভিতৰত গোপন চেম্বাৰ বনাই টেবলেট খিনি লৈ আনিছিল সৰবৰাহকাৰী সকলে ৷ জব্দ হোৱা ইয়াভা টেবলেট খিনিৰ বজাৰ মূল্য আনুমানিক ১৬০ কৌটি টকা হব জানিবলৈ দিয়ে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ৷ ধৃত সকলক আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version