COVID-19 : ক’ভিড আপডেট

1291904 covid test new pti

বিগত তিনি দিন ধৰি কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা চাৰি হেজাৰৰ ঘৰত থাকিলেও বিগত ২৪ ঘণ্টাত কমি তিনি হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৩,২৩০ । সোমবাৰে এই সংখ্যা আছিল ৪,১২৯ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,২২৩ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে তামিলনাডু (৫৪০), মহাৰাষ্ট্র (২৫৬), কর্নাটক (১৯৫) আৰু ওড়িছা (১৬৪) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১০ জনৰ মৃত্যু হৈছে । ইয়াৰ উ পশ্চিমবংগত তিনিজন, মহাৰাষ্ট্রত দুজন, ওড়িছা, গুজৰাট, ছত্তীছগঢ়, উত্তৰাখণ্ড আৰু পুদুচেৰীত এজনকৈ লোকৰ ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি কৰ’নাত আক্রান্ত হৈ কেৰালাত ২২ জনৰ আগতেই মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । সোমবাৰে এই সংখ্যা আছিল ১২ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৮৮৩ জন লোকে ক’ভিড আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৪,২৫৫ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৪০ লাখ চাৰি হেজাৰ ৫৫৩ জন ।

Exit mobile version