HOME FACIAL : পূজা উপলক্ষে বিউটি পাৰলাৰত গৈ পইচা খৰচ কৰাতকৈ ঘৰতে মুখৰ ফেচিয়েল কৰাওক

WhatsApp Image 2022 09 27 at 15.46.40

HOME FACIAL : পূজা উপলক্ষে সকলোৱে নতুন কাপোৰ-কানি ক্ৰয় কৰে । ঠিক তেনেদৰে বিউটি পাৰলাৰত গৈ চুলিৰ লগতে মুখৰ পৰিচৰ্যা কৰাও দেখা যায় । গতিকে আপুনি বিউটি পাৰলাৰত গৈ টকা খৰচ কৰাতকৈ ঘৰতে তৈয়াৰ কৰি লোৱা ফেচ পেক ব্যৱহাৰ কৰিও মুখৰ পৰিচৰ্যা কৰিব পাৰে । যি আপোনাৰ ছাল পৰিষ্কাৰ কৰাৰ লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰিব ।

পূজালৈ আৰু চাৰি দিন বাকী আছে । ইয়াৰ মাজতে আপুনি ঘৰত তৈয়াৰ কৰা ফেচ পেক ব্যৱহাৰ কৰি পূজাৰ বাবে নিজকে তৈয়াৰ কৰিব পাৰে । প্ৰাকৃতিকভাৱে নিজৰ ঘৰতে তৈয়াৰ কৰা এই বিউটি টিপছে আপোনাক অধিক ভাল ফলাফল প্ৰদান কৰিব ।ফেচিয়েলৰ প্ৰথম কাম হ’ল ছাল পৰিষ্কাৰ কৰা । ইয়াৰবাবে প্ৰথমতে কুহুমীয়া পানীৰে মুখখন ধোৱাৰ পিছত প্ৰাকৃতিক ক্লিনজাৰ হিচাপে কেঁচা গাখীৰৰ লগত মৌৰ ৰস আৰু নেমু টেঙাৰ ৰস মিহলাই মুখত এক মিনিট মালিচ কৰিব । ইয়াৰদ্বাৰা আপোনাৰ ছালত জমা হৈ থকা ময়লা দূৰ হ’ব ।

দ্বিতীয়তে , ছালৰ ওপৰত জমা হৈ থকা মৃত কোষ দূৰ কৰিবলৈ এক চামুচ ওটছৰ গুড়ি , এক চামুচ মৌৰ ৰস আৰু এক চামুচ অলিভ অইল মিহলি কৰি স্ক্ৰাব তৈয়াৰ কৰি ল’ব । এই মিশ্ৰণ খিনি মুখত প্ৰায় ২-৩ মিনিট ঘহি পাছতে পানীৰে ধুই পেলাব লাগে ।ইয়াৰ দ্বাৰা মুখত জমা হৈ থক ব্লেকহেডছ, হোৱাইটহেডছ দূৰ হ’ব । ইয়াৰোপৰি গৰম পানীত নেমুৰ টুকুৰা কাটি কেইটোপালমান এচেনছিয়েল অইল দি ৫-৭ মিনিট ধৰি মুখত গৰম পানীৰ ভাপ দিলেও ছালৰ সতেজতা বৃদ্ধি পায় ।

একেদৰে ফেচিয়েলৰ শেষৰ পৰ্যায়ত ফেচ মাস্ক লগাব লাগে আৰু ইয়াৰবাবে দৈৰ লগত মৌ ৰস মিহলি কৰি ছালত লগাব পাৰে । যদিহে ছাল খন তেলেতীয়া হয় , তেন্তে মুলতানি মাটিৰ লগত হালধি গুড়ি মিহলি কৰি কেইটোপালমান গোলাপ জল দি ছালৰ ওপৰত লগাব লাগে আৰু মাস্ক শুকাই যোৱাৰ পিছত পানী দি মুখখন ধুব লাগে ।
অৱশ্যে ফেচিয়েলৰ শেষ পৰ্যায় ফেচ মাস্ক হ’লেও ছালৰ যত্নৰ বাবে আৰু কিছু কাম কৰাৰ দৰকাৰ আছে ।

যিহেতু ফেচিয়েল কৰাৰ পিছত মুখত টোনাৰ লগাব লাগে । এইক্ষেত্ৰত আপুনি এপ’ল ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে । শেষত আপোনাৰ পচন্দৰ যিকোনো ময়েশ্চাৰাইজাৰ লগাব পাৰে । নতুবা ইয়াৰ সলনি আপুনি নাৰিকল তেল, এম্যাণ্ড তেল অথবা আৰ্গান তেলো ব্যৱহাৰ কৰিব পাৰে ।

Exit mobile version