JEANS PANT WASHING : কিমান দিনৰ অন্তৰে অন্তৰে জিন্স পেণ্ট ধোৱা উচিত !

WhatsApp Image 2022 09 27 at 16.35.02

JEANS PANT WASHING : অতি আৰামদায়ক আৰু সহজে লেতেৰা নোহোৱা বাবে বিশ্বৰ সৰহ সংখ্যক পুৰুষ-মহিলাই জিন্স পেণ্ট পৰিধান কৰি ভাল পায় । সকলোৰে পচন্দৰ এই জিন্স পেণ্ট আচলতে কিমান দিনৰ অন্তৰে অন্তৰে ধোৱা উচিত ?
বহুতে হয়তো ৩-৪ দিনৰ অন্তৰত জিন্স পেণ্ট ধোৱাৰ লগতে কিছুমানে আকৌ এদিনৰ অন্তৰে অন্তৰে ধোৱা দেখা যায় । তেনেক্ষেত্ৰত সপ্তাহত এবাৰকৈ জিন্স পেণ্ট ধোৱা উচিত নে ?
এইক্ষেত্ৰত ২০১৭ চনত কানাডাৰ আলবেৰ্তা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পৰীক্ষা কৰি কৈছিল যে, সপ্তাহত নহয় এমাহতো জিন্স পেণ্ট ধোৱা উচিত নহয় । ঘনাই ধুলে জিন্স পেণ্টৰ আয়ুস হ্ৰাস পায় ।

গৱেষকসকলে এই বুলিও উল্লেখ কৰিছিল যে , ১৫ মাহ ব্যৱহাৰ কৰাৰ পিছতহে এটা জিন্স পেণ্ট ধোৱা উচিত । যিহেতু অন্য কাপোৰৰ তুলনাত জিন্স পেণ্টত বেক্টেৰিয়া বা জীৱাণুৰ প্ৰৱেশ কম হয় ।

শুকানকৈ থলে এটা জিন্স পেণ্ট ১৫ মাহৰলৈকে চাফা আৰু ভাল হৈ থাকিব পাৰে । জিন্সত ব্যৱহাৰ হোৱা কাপোৰ ডেনিমৰ হোৱাৰ কাৰণে ছালৰ বা অন্য কোনো জীৱাণুয়ে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে । সাধাৰণতে জিন্স পেণ্ট পৰিধান কৰাৰ পিছত ৰ’দত বা ৰ’দ পৰা বাৰান্দাত মেলি থব লাগে । পেণ্টটোত যাতে ৰ’দ –বতাহৰ প্ৰভাৱ পৰি থাকিব পাৰে ।
অৱশ্যে পৰিষ্কাৰ কৰাৰ সময়ত ঠাণ্ডা পানী ব্যৱহাৰ কৰা উচিত । গৰম পানীৰে ধুলে পেণ্টটোৰ ৰং উৰি যোৱাৰ ভয় থাকে । জিন্স পেণ্টৰ এনে গুণৰ বাবেই মানুহৰ মাজত জিন্স পেণ্টৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

Exit mobile version