Smartphone : ফোন চোৰ হ’লেই চিন্তা ? সমাধানত এইবাৰ কঠোৰ পদক্ষেপ ভাৰতত, শীঘ্ৰে আৰম্ভ হ’ব নতুন নিয়ম

WhatsApp Image 2022 09 27 at 17.34.09

Smartphone : অহৰহ স্মার্টফোন চুৰিৰ ঘটনা ঘটিয়ে থাকে । চোৰ হোৱা ফোনটো কোনো অসৎ কামত ব্যৱহাৰ কৰা হৈছে নেকি, এই বিষয়ত সংশয় থাকে । এইবাৰ চোৰ হোৱা বা হেৰাই যোৱা স্মার্টফোনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে ভাৰত চৰকাৰে ।

ভাৰতত সকলো ফোনৰ আইএমইআই (ইন্টাৰনেছনেল ম’বাইল ইকুইপমেন্ট আইডেন্টিটি) নম্বৰ ‘ইণ্ডিয়ান কাউন্টাৰফিটেড ডিভাইচ ৰেষ্ট্ৰিকছন’ প’র্টেলত (https://icdr.ceir.gov.in) নথিভুক্ত কৰিব লাগিব সংস্থাবোৰে । ২০২৩ৰ এক জানুৱাৰীৰ পৰা এই নির্দেশ কার্যকৰ কৰা হ’ব । দেশত কোনো নতুন ম’বাইলৰ আত্মপ্রকাশৰ আগতেই এই কাম কৰিব লাগিব । কেৱল মাত্র দেশত প্ৰস্তুত ফোনেই নহয়, আইফোন, ছেমছাং গেলেক্সিৰ দৰে আমদানিকৃত স্মার্টফোনৰ ক্ষেত্রতো এই নিয়ম প্রযোজ্য হ’ব ।

অতীতত ভাৰতত লক্ষ লক্ষ স্মার্টফোনৰ সন্ধান পোৱা গৈছে, যিবোৰত নকল তথা ভুৱা আইএমইআই নম্বৰ আছে । ২০২০ৰ জুনত ভিভ’ সংস্থাৰ ১৩ হেজাৰ পাঁচশটা স্মার্টফোন পাইছিল উত্তৰ প্রদেশৰ মিৰাট আৰক্ষীয়ে । এই ফোনবোৰৰ আইএমইআই নম্বৰ একেই আছিল । এই ধৰণৰ ঘটনা নতুন নহয় । চীনা সংস্থাৰ একাধিক ফোনতো একেই আইএমইআই নম্বৰৰ সন্ধান পোৱা গৈছিল । নতুন নিয়মত কোৱা হৈছে যে, ভাৰতত যিসমূহ স্মার্টফোন বিক্রী কৰা হ’ব, প্রত্যেকটো ফোনত বৈধ আইএমইআই নম্বৰ থাকিব লাগিব ।

এই নতুন নিয়ম কার্যকৰ হ’লে গ্রাহকসকলো উপকৃত হ’ব । ফোন হেৰালে বা চোৰ হ’লে, এই নম্বৰৰ সাহায়ত সহজেই ফোন ‘ব্লক’ কৰিব পাৰিব । ফলত চোৰ হোৱা বা হেৰুওৱা ফোনৰ অপব্যৱহাৰ ৰোধ কৰা সম্ভৱ হ’ব । এই পদ্ধতিৰ ফলত ভাৰতত স্মার্টফোনৰ ক’লা বজাৰো বন্ধ কৰা সম্ভৱ হ’ব বুলি ধাৰণা কৰা হৈছে ।

প্রসংগত, আইএমইআই নম্বৰৰ সহায়ত সহজেই ফোন ‘ট্রেক’ কৰিব পাৰি । ফোন চোৰ হ’লে বা হেৰাই গ’লে ছিম কার্ড সলনি বা নষ্ট কৰিব পাৰি । কিন্তু ফোনত আইএমইআই নম্বৰ থাকিলে সহজে নষ্ট কৰা কঠিন । ফলত ফোন চোৰ হ’লে, এই নম্বৰৰ সহায়ত অপৰাধীক বিচাৰি উলিওৱা সহজ হ’ব পাৰে ।

ফলত আপুনি যদি ফোন কিনিবলৈ যায়, তেনেহ’লে সদায় লক্ষ‌্য ৰাখিব যিটো ফোন ক্ৰয় কৰিছে তাত, আইএমইআই নম্বৰ আছে নে নাই । এই নম্বৰ অবিহনে যিকোনো ফোন

ভুৱা । ফোনত আইএমইআই নম্বৰ আছে নে নাই, জানিবলৈ ডাইল কৰক ‘*#06#’ ।

Exit mobile version