subansiri dam : নদীবান্ধ বিৰোধী শক্তি নিমাত

সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পই চিন্তিত কৰিছে নামনিবাসীক,গোগামুখত এন এইছ পিচিৰ বিৰোদ্ধে সৰৱ যুৱ-ছাত্ৰ পৰিষদ

WhatsApp Image 2022 09 27 at 19.11.04

Subansiri Dam : চৰকাৰ তথা প্ৰশাসনে এন এইছ পিচি কৰ্তৃপক্ষৰ ওচৰত সেউ মানিলেও যেন সেউ নামানে প্ৰকৃতিয়ে ইয়াৰে প্ৰমাণ কৰিলে আহিনমাহৰ বানে৷ আহিনমাহৰ ৰোষ্ঠপ্ৰকৃতিয়ে ধ্বংস কৰিলে সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ ২নং আৰু ৩নং সুৰংগ, খহিপৰিল গাৰ্ড ওৱাল চুৰমাৰ হৈছে মূলবান্ধলৈ যোৱা অতি শক্তিশালী পথটি৷ যি কাৰ্যকলাপে টোপনি হৰিছে এন এইছ পিচি কৰ্তৃপক্ষৰ লগতে নামনিবাসী ৰাইজৰ, জীৱন সম্পত্তি নিৰাপত্তাহীনতাত ভূগিছে নামনিবাসী৷ সোৱণশিৰী নদীত বহুলোকে প্ৰধান জীৱিকা হিচাপে বাচিলৈ মাছ ধৰি শিল-বালি গোটাই কাঠ ধৰি বহুলোকে জীৱননিৰ্বাহ কৰে এইসকললোকে কৰ্মহীনতাত ভোগাৰ লগতে তেওঁলোকৰ জীৱন সম্পত্তিৰপতি ভাবুকি আহিপৰিছে ৷

সকলোকে আচৰিত কৰি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰবিৰোধীতা কৰিছিল বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু কিন্তু বৰ্তমান নিজৰ স্বৰ্থসিদ্ধিৰ পাছতে সকলো পাহৰিলে , বিভিন্ন দল-সংগঠনে কৰিছিল প্ৰতিবাদ কিন্ত কোনোলোক প্ৰতিস্থিত ব্যৱসায়ী কোনোলোক ৰাজনীতিৰ বৃহৎ নেতা এই কথা বৰ্তমান নামনিবাসী ৰাইজৰ মুখে মুখে ৷ তেওঁলোকে যে বৃহৎ নদীবান্ধৰ বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি সকলোকে আভোৱা ভৰালে সেই কথা বৰ্তমান জলজলপটপট, কাৰণ তেওঁলোক বৰ্তমান নিমাত ৷
বহুদিনৰেপৰা নদীবান্ধ বিৰোধী আন্দোলনৰ লগত জৰিত হৈ আছে জাতীয়তাবাদী যুৱ-ছাত্ৰপৰিষদ তেওঁলোকে প্ৰায়ে নদীবান্ধ বিৰোধীতা কৰি আহা পৰিলক্ষিত হয় ৷ আজি দিনৰ ভাগতো তেওঁলোকে গোগামুখৰ মাজমজিয়াত এন এইচ পিচিৰ প্ৰতিমূৰ্ত্তি দাহ কৰি এন এইচ পি চি গ’ বেগ আদি শ্লোগানে গোগামুখ উত্তাল কৰিতোলে ৷

Exit mobile version