SUNNY LEONE : আৱেদনময় অভিনেত্ৰী চানী লিয়নীক সতৰ্ক কৰিলে শুভাকাংক্ষীয়ে

WhatsApp Image 2022 09 27 at 19.04.06

SUNNY LEONE : ভাৰতৰ এগৰাকী যৌন আৱেদনময় অভিনেত্ৰী হৈছে চানী লিয়নী । যাৰ নাম শুনিলেই সকলোৰ হৃদস্পন্দনৰ গতি দ্ৰুত হৈ পৰে । সকলো সময়তে সমালোচিত হৈ থকা অভিনেত্ৰীগৰাকীক লৈ বৰ্হি দেশৰ এটা অনুষ্ঠানে অন্য এক প্ৰচাৰ চলোৱা দেখা গৈছে ।

দৰ্শকৰ উত্তেজনা বৃদ্ধি কৰা অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ বাবেই এই অনুষ্ঠানটোৱে অভিনেত্ৰীগৰাকীৰ নাম ব্যৱহাৰ অভিযোগ উত্থাপন কৰিছে গুণমুগ্ধই ।
যি কাৰণে ভক্ত-অনুৰাগী ও শুভাকাংক্ষীয়ে সতৰ্ক কৰিছে অভিনেত্ৰী গৰাকীক । হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুযায়ী থাইলেণ্ডৰ এটা ইভেণ্টত চানী লিয়নী উপস্থিত থাকিব বুলি প্ৰচাৰ চলোৱা হৈছে । ইফালে এই ইভেণ্টৰ কথা একো নাজানে বুলি উল্লেখ কৰিছে খুদ অভিনেত্ৰীগৰাকীয়ে ।

সোমবাৰে নিজৰ টুইটাৰ একাউণ্টত অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, থাইলেণ্ডৰ ইভেণ্টত অভিনেত্ৰীগৰাকীৰ অংশগ্ৰহণ কৰা তথ্য মিছা আৰু কোনোকাৰণতেই তেওঁ এই অনুষ্ঠানৰ সৈতে সংযোগ নহয় । এই অনুষ্ঠানৰ আয়োজকৰ মোৰ নাম ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাই । অনুগ্ৰহ কৰি মোক এইধৰণৰ কেলেংকাৰীৰ মাজলৈ নানিব ।

জানিব পৰা মতে, এই ইভেণ্টটো নৱবৰ্ষ উপলক্ষে তথা জি টাউন এৱাৰ্ড নামে জনাজাত । ইফালে এই ঘটনাক লৈ অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে ন্যায়িক ব্যৱস্থা ল’বলৈ লিয়নীক অনুৰোধ জনাইছে ।

Exit mobile version