অভিযুক্ত ব্যক্তিৰে শান্তি চুক্তি কৰাটো আইন বিৰোধী

ৰঞ্জন দৈমাৰীৰ শাস্তিৰ নিৰ্দেশ প্ৰসংগত চৰকাৰৰ দুমুখীয়া স্থিতিক সমালোচনা মানৱ অধিকাৰ কৰ্মী অঞ্জালি দৈমাৰীৰ

hqdefault

‘যদিহে অভিযুক্ত হোৱাৰ সূত্ৰে ৰঞ্জন দৈমাৰীৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে তেন্তে অভিযুক্ত ব্যক্তি এজনৰ স’তে কিদৰে চৰকাৰে শান্তি চুক্তি কৰিছিল, সেয়াও আইনবিৰোধী’ ৩০ অক্টোবৰ, ২০০৮ৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাৰ মূল অভিযুক্ত এনডিএফবি নেতা ৰঞ্জন দৈমাৰীক নিম্ন আদালতে দিয়া ৰায় বাহাল ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ প্ৰসংগত আজি এনেদৰে ক্ষোভ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনডিএফবি নেতাজনৰ ভগ্নী অঞ্জালি দৈমাৰীয়ে ।

‘দৈনিক অগ্ৰদূত’ৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত দৈমাৰীয়ে আজি কয় যে ন্যায়ালয়ৰ ৰায়টোৱে তেওঁক আচৰিত কৰি তুলিছে । অন্ততঃ ৰঞ্জন দৈমাৰীৰ কাৰাবাসৰ ম্যাদ আঠ-১০ বছৰ কমাই দিব বুলি ভবাৰ কথা ব্যক্ত কৰি দৈমাৰীয়ে আজি কয় যে যিহেতু এই গোচৰটোৰ কোনো তথ্য প্ৰমাণো নাই, কোনো সাক্ষীও নাই । সাধাৰণতে ন্যায়ালয়ে সকলো গোচৰৰ ক্ষেত্ৰতে তথ্য প্ৰমাণ আৰু সাক্ষী বিচাৰে । কিন্তু এই গোচৰটোত ৰঞ্জন দৈমাৰীয়ে বোমা বিস্ফোৰণস্থলীত উপস্থিত থকাৰ কোনো সাক্ষ্য প্ৰমাণ নাই ।

তেনেস্থলত সাক্ষী বা তথ্য প্ৰমাণ নোহোৱাকৈ ন্যায়ালয়ে কেনেকৈ এই ৰায় দিলে বুলি প্ৰশ্ন তুলি দৈমাৰীয়ে পুনৰ কয় যে নিম্ন আদালতে দিয়া ৰায়টো উচ্চ ন্যায়ালয়ে অন্ততঃ এবাৰ বিচাৰ কৰি চাব লাগিছিল । বড়ো শান্তি চুক্তিত যদি এনডিএফবি অংশীদাৰ নহ’লহেঁতেন বা ৰঞ্জন দৈমাৰী চুক্তি স্বাক্ষৰকাৰী নহ’লহেঁতেন তেন্তে আদালতৰ ৰায়ত পৰিয়ালৰ তৰফৰ পৰা ক’বলগীয়া একো নাছিল । বহুতে এতিয়া কৈছে যে এইটো আইনৰ বিষয়, আইনেই চাব, চৰকাৰৰ কৰণীয় নাই । কিন্তু মোৰ প্ৰশ্ন হ’ল অভিযুক্ত হোৱাৰ সূত্ৰে যদি তেওঁৰ ক্ষেত্ৰত চৰকাৰৰ কোনো কৰণীয় নাই, তেন্তে অভিযুক্ত এজনে চৰকাৰৰ স’তে চুক্তি স্বাক্ষৰ কৰাটোও আইনবিৰোধী ।

বড়ো অমেন জাষ্টিছ ফ’ৰামৰ নেত্ৰী তথা মানৱ অধিকাৰ কৰ্মী অঞ্জালি দৈমাৰীয়ে আদালতৰ ৰায়ৰ প্ৰসংগতো পুনৰ কয়, ‘চৰকাৰে শান্তি চুক্তি কৰিবলৈ তেওঁলোকৰ ইচ্ছাৰেহে ৰঞ্জন দৈমাৰীক লৈ গৈছিল । চৰকাৰৰ প্ৰয়োজন হোৱা বাবে কাৰাগাৰৰ পৰা তেওঁক মোকলাই নিয়া হৈছিল । সিদিনা আছিল ২০২০ৰ ২৪ জানুৱাৰী । দাদাৰ জামিন আবেদনৰ শুনানি হৈছিল যদিও পুৱাৰ ভাগত তেওঁৰ আবেদন নাকচ গৈছিল । কাৰণ চৰকাৰৰ ফালৰ পৰা তেওঁক জামিন দিব লাগে বুলি কোনো ধৰণৰ কাগজপত্ৰ অহা নাছিল । মই লগে লগে বিষয়টো আই বিৰ সেই সময়ৰ যুটীয়া সঞ্চালক তপন ডেকা আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীকো অৱগত কৰিলো । তাৰ পাছতে খাম্ফা বৰগয়াৰী, চন্দন ব্ৰহ্ম, সাংসদ বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰী আদিৰ স’তে মই কাৰাগাৰলৈ দাদাক সাক্ষাৎ কৰিব গৈছিলো । কাৰাগাৰৰ ভিতৰত যিহেতু ম’বাইল ফোন নিবলৈ দিয়া নহয়, গতিকে মই গাড়ীতে ফোনটো থৈ গৈছিলো । কাৰাগাৰৰ পৰা ওলাই আহি ফোনত তপন ডেকা আৰু শান্তনু ভৰালীৰ কে’বাটাও মিছ কল দেখি কল বেক কৰিছিলো । তেতিয়াহে শান্তনু ভৰালীয়ে মোক জনাইছিল যে বিয়লি তিনি বজাত পুনৰ শুনানি অনুষ্ঠিত হ’ব, গতিকে মোক উচ্চ ন্যায়ালয়লৈ যোৱাৰ বাবে তেওঁ অনুৰোধ জনাইছিল । সেই মৰ্মে দিনটোত এখন জামিন আবেদনৰ ওপৰত দুবাৰকৈ শুনানি অনুষ্ঠিত হৈছিল । সিদিনা মাহটোৰ চতুৰ্থ শনিবাৰ বাবে আদালতৰ কাম-কাজ বন্ধ আছিল যদিও ৰাজ্য চৰকাৰৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ উপস্থিতিত আদালতৰ তলা খোলা হৈছিল আৰু ঘৰৰ পৰা ন্যায়াধীশক লৈ আহি দাদাৰ জামিন আবেদন মঞ্জুৰ কৰা হৈছিল । এতিয়া তেওঁৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰিবলৈ অসমৰ্থ বুলি কোৱা চৰকাৰে তেতিয়া কেনেকৈ বন্ধৰ দিনতো জামিন দিব পাৰিছিল ?’

মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে পুনৰ কয় যে শান্তি চুক্তি হোৱাৰ পাছত এনডিএফবিয়ে চৰকাৰী নিয়ম মানি সকলো ক্ষেত্ৰতে চৰকাৰক সহযোগিতা আগবঢ়াই আহিছে । তেওঁলোকে অস্ত্ৰও সমৰ্পণ কৰাৰ লগতে ডেজিগনেটেড শিবিৰো এৰি দিলে । তেওঁ কয় যে এই সকলোবোৰ হৈ যোৱাৰ পাছত চৰকাৰে ঢোল পিটি ঘোষণা কৰিলে যে বড়োলেণ্ডলৈ শান্তি আহি গ’ল । তেন্তে বড়োলেণ্ডলৈ শান্তি অনা মানুহজনক কিয় কাৰাগাৰত সুমুৱাই ৰাখিছে বুলি প্ৰশ্ন তুলি দৈমাৰীয়ে কয় যে এই সকলো পটভূমিতে যে কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ আছে সেই কথা স্পষ্ট হৈছে ।

তেওঁ কয়, ‘আমি এতিয়া যি বুজিছো শান্তি চুক্তিখন এনডিএফবি বা বড়ো ৰাইজৰ স্বাৰ্থৰ বাবে কৰা চুক্তি নাছিল, কাৰোবাৰ ৰাজনৈতিক সুব্যৱস্থাৰ বাবেহে চুক্তি কৰি স্বাৰ্থপূৰণ কৰা হৈছিল । গতিকে এইখন শান্তি চুক্তি নহয় । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনৈতিক শক্তিয়ে এনডিএফবিক ব্যৱহাৰ কৰি চুক্তি কৰালে । আমি এতিয়া বৰ আচৰিত হৈ পৰিছো । দুখ লাগিছে যে জাতিটো এতিয়া ধ্বংসৰ ফালে গৈ আছে । ৰঞ্জন দৈমাৰী ওলাই আহিলে কাৰ ক্ষতি হ’ব সেয়া সকলোৱে জানে । সেই আচল শান্তি তেওঁলোকে বিচৰা নাই । আচল শান্তি বিচাৰিলে তেওঁক এৰি দিব লাগিছিল ।’

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক ৰায়যোগে এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে নিম্ন আদালতে দিয়া ৰায় বাহাল ৰাখি দিয়া নিৰ্দেশে সমগ্ৰ বড়ো ৰাইজক অত্যন্ত দুখিত কৰিছে বুলি মন্তব্য কৰি মানৱ অধিকাৰ কৰ্মী অঞ্জালি দৈমাৰীয়ে আজিৰ ৰায়ক অনাকাংক্ষিত আখ্যা দি কয় যে চৰকাৰে ইচ্ছা কৰিলে সদিচ্ছা প্ৰকাশ কৰি এটা সুযোগ ল’ব পাৰিলেহেঁতেন । তেওঁ পুনৰ কয় যে বোমা বিস্ফোৰণ ঘটোৱাটো সকলোৰে বাবেই বেয়া কথা । কিন্তু এই গোচৰটোত তেওঁক অভিযুক্ত কৰি চৰকাৰে পুনৰ তেওঁৰ লগত কিয় শান্তি আলোচনাত বহিল বুলি দৈমাৰীয়ে ক্ষোভ উজাৰে ।

তেওঁ কয়, ‘দাদা অতি শক্তিশালী মনৰ মানুহ । আজিও মই তেওঁক লগ কৰি আহিছো । তেওঁ আমাৰ লগত হাঁহি হাঁহিয়ে কথা পাতিছে, তেওঁ ভালেই আছে বুলি পৰিয়াল আৰু বন্ধুবৰ্গক জনাবলৈ মোক জনাইছে । মই ক’বলগীয়া কথাটো হ’ল যিহেতু তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ল গতিকে শান্তি চুক্তিৰ কোনো অৰ্থই নাথাকিল । এই বিষয়টোক লৈয়ে ভৱিষ্যতে কোনেও ৰাজনৈতিক পক্ষৰ ভূমিকাক বিশ্বাস নকৰিব । আজি এই কথাও গম পোৱা গ’ল ন্যায়পালিকাও যে ৰাজনীতিৰ ক্ষেত্ৰখনৰ বাহিৰত নহয় । কিয়নো এদিনতে এজন ব্যক্তিৰ জামিনৰ বাবে বন্ধৰ দিনতো আদালতত শুনানি অনুষ্ঠিত কৰা হৈছিল । ন্যায়ালয়কো যে ৰাজনীতিকসকলে ঘূৰাই থাকে সেই কথা স্পষ্ট হৈছে । এয়া অপ্ৰত্যাশিত । মূল কথাটো হ’ল কেনেকৈ ‘অভিযুক্ত’ ৰঞ্জন দৈমাৰীক লৈ শান্তি চুক্তি স্বাক্ষৰ কৰোৱা হৈছিল । আচলতে চুক্তিয়ে কৰিব নালাগিছিল । তেতিয়াহ’লে আমিও একো নক’লোহেঁতেন ।’

Exit mobile version