ভূমিৰ প্ৰমাণপত্ৰ দিবলৈ উৎকোচ লৈ আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কাছাৰ-হাইলাকান্দি জিলাৰ ভূমি বন্দোবস্তি বিষয়া উৎপল কুমাৰ নাথ

WhatsApp Image 2022 09 28 at 17.40.10

কাছাৰ আৰু হাইলাকান্দি জিলাৰ অতিৰিক্ত ভূমি বন্দোবস্তি বিষয়াক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই । ভূমি সংক্রান্ত প্ৰমাণপত্ৰ দিবৰ বাবে দুহেজাৰ টকা উৎকোচ লোৱাৰ পাছত অতিৰিক্ত বিষয়া উৎপল কুমাৰ নাথক আটক কৰা হয় । আজি পয়লাপুলত তেওঁৰ কার্যালয়ৰ পৰা তেওঁক গ্রেপ্তাৰ কৰে দুর্নীতি নিবাৰক শাখাই ।

বুধবাৰে পুৱা কাছাৰ আৰু হাইলাকান্দি জিলাৰ ভূমি বন্দোবস্তি বিভাগৰ অতিৰিক্ত বিষয়া নাথে উৎকোচ হিচাপে যি টকা লোৱাৰ কথা আছিল তাত ৰাসায়নিক দি টকা টেম্পাৰ কৰি দুর্নীতি নিবাৰক শাখাৰ জালত পেলোৱা হয় । তেওঁ অভিযোগকাৰীৰ পৰা টকা গ্রহণ কৰাৰ পাছত, ভিজিলেন্স দলে তেওঁক হাতে-লোতে ধৰে আৰু তেওঁৰ ৰাসায়নিক পৰীক্ষা কৰে, ৰাসায়নিক দ্রৱণত তেওঁৰ হাত ডুবাই দিয়াত ৰঙা হৈ যায় ।

বিষয়াজনে ভূমিৰ প্ৰমাণপত্ৰ দিবৰ বাবে জনসাধাৰণৰ পৰা উৎকোচ হিচাপে দুহেজাৰ টকা লয় বুলি অভিযোগ । সেই ভিত্তিত, এজন লোকে ভিজিলেন্স আৰু দুর্নীতি নিবাৰক বিভাগত এটা অভিযোগ দাখিল কৰে । কাৰ্যালয়ৰ কর্মকর্তাসকলৰ এটা দলে বিষয়াজনক জালত পেলাবৰ বাবে কাছাৰত উপস্থিত হয় আৰু তেওঁক হাতে-লোতে ধৰিবলৈ সফল হয় ।

দুর্নীতিৰ বলি যিকোনো কর্মকর্তা বা উৎকোচ বিচৰা কোনো কর্মকর্তাই অসম ডিৰেক্টৰেট অৱ ভিজিলেন্স এণ্ড এন্টি কৰাপছনৰ টুইটাৰ হেণ্ডেলত প্ৰত্যক্ষ বার্তাৰ মাধ্যমত বা এনেকি adgp-vac@assampolice.gov.in-ত ইমেইলৰ মাধ্যমত বা অভিযোগ জনাব পাৰে vac@gmail.comত । এই সেৱা কেৱল অসম চৰকাৰৰ কর্মচাৰীসকলৰ দুর্নীতিমূলক অনুশীলন সম্পর্কে নির্দিষ্ট তথ্য শ্বেয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ।

Exit mobile version