7th Pay Commission DA & DR Hiked : ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হ’ল ৩৮ শতাংশ

চৰকাৰী কর্মচাৰীসকললৈ দুর্গাপূজাৰ ‘উপহাৰ’ মোদী চৰকাৰৰ

9f5d49f2 a773 11eb af25 752eabb3bc71 1621574293607 1623857314314

সপ্তম বেতন কমিছনৰ অধীনত (7th Pay Commission) কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকলৰ ডিয়াৰন্স এল’ৱেন্স (ডিএ) বা ডিয়াৰেন্স ৰিলিফ (ডিআৰ) বাঢ়ি ৩৮ শতাংশ হ’ল । যিটো ২০২২ৰ জুলাইৰ পৰা কার্যকৰ হ’ব । অর্থাৎ কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকল আৰু অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ ডিএ আৰু ডিআৰ চাৰি শতাংশ বৃদ্ধি কৰা হ’ল ।

বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰাহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পাছত যৌথ সাংবাদিক বৈঠকত কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু অনুৰাগ সিং ঠাকুৰে জনায়, আজি কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত ডিএ (DA) আৰু ডিআৰ (DR) চাৰি শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অর্থাৎ সপ্তম বেতন কমিছনৰ অধীনত কেন্দ্রীয় চৰকাৰী কর্মচাৰী আৰু অৱসৰপ্রাপ্ত কর্মচাৰীসকলে ৩৮ শতাংশ হাৰত ডিএ আৰু ডিআৰ লাভ কৰিব ।

চাৰি শতাংশ ডিএ আৰু ডিআৰ বৃদ্ধিৰ বাবে কেন্দ্রৰ কিমান টকা ব্যয় হ’ব ? কেন্দ্রীয় মন্ত্রী অনুৰাগে জনখিছে, চাৰি শতাংশ ডিএ আৰু ডিআৰ বৃদ্ধিৰ ফলত চলিত বিত্তবর্ষত (২০২২-২৩) কেন্দ্রৰ কোষাগাৰৰ পৰা ১২,৮৫২ কোটি টকা বাঢ়ি যাব । কিন্তু ডিএ আৰু ডিআৰ বৃদ্ধিৰ ফলত দেশৰ কেন্দ্রীয় চৰকাৰী কর্মচাৰী আৰু পেনছনভোগীসকল লাভৱান হ’ব ।

Exit mobile version