Anti-Hijab Protests : মঞ্চত চুলি কাটি হিজাব বিৰোধীসকলক সমৰ্থন তুর্কি গায়িকাৰ, ইৰানৰ মহিলাসকলৰ সমৰ্থনত সমগ্ৰ বিশ্ব

melek mosso

ইৰানৰ হিজাব-বিৰোধী আন্দোলনত এইবাৰ বিদেশৰ পৰাও সমর্থনৰ ঢল । ফ্রান্স, ইংলেণ্ড, আমেৰিকা, ছিৰিয়াৰ পাছত এইবাৰ তুর্কি গায়িকাই মঞ্চত গীত পৰিৱেশনেৰে নিজৰ চুলি কাটি অভিনৱ প্রতিবাদত অংশ ল’লে । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে, জনপ্রিয় তুর্কি গায়িকা মেলেক ম’ছ’ই ইৰানৰ আন্দোলনকাৰী মহিলাসকলৰ সমর্থনত চুই কাটিছে ।

যোৱা ১৭ ছেপ্টেম্বৰত, নীতি আৰক্ষীৰ হিফাজতত ২২ বছৰীয়া মাহশা আমিনিৰ মৃত্যুৰ পাছত কঠোৰ ধর্মীয় নিষেধাজ্ঞাৰ প্ৰতিবাদত ইৰানত ঘৰ এৰি পথত ওলাই আহে বহু মহিলা । তেওঁলোকে নীতিআৰক্ষীৰ কঠোৰ হিজাব-বিধি জাৰিৰ প্রতিবাদ কৰিছে হিজাব খুলি, নিজৰ চুলি কাটি । মাহশাৰ মৃত্যুৰ ১০ দিনৰ ভিতৰত সেই হিজাব-বিৰোধী আন্দোলন ইৰানৰ ৪৬খন চহৰত বিয়পি পৰিছে । এইবাৰ নিজৰ চুলি কাটি প্ৰত্যক্ষভাৱে সমর্থন জনালে তুর্কি গায়িকা মেলেক ম’স’ই । যদিও তাত দমন-পীড়ন বন্ধ হোৱাৰ কোনো লক্ষণ ইৰানৰ ক্ষমতাশীলসকলে প্ৰদৰ্শন কৰা নাই ।

ইৰান হিউমেন ৰাইটছৰ মতে, আৰক্ষী আৰু চৰকাৰী বাহিনীৰ হাতত এই পর্যন্ত ৭৬ জনে প্রাণ হেৰুৱাইছে । ইৰানৰ ক্ষমতাশীলসকলৰ দাবী, আন্দোলন সৃষ্টি কৰাৰ মূলতে বাওঁপন্থীসকল । তেওঁলোকক সন্ত্ৰাসবাদী সংগঠনবোৰে সহায় কৰিছে । এই পৰিপ্রেক্ষিতত কেৱল নিৰাপত্তা বাহিনী অথবা আৰক্ষীৰ ওপৰত ভৰসা নকৰি চৰকাৰৰ তৰফৰ পৰা আগুৱাই দিয়া হৈছে হিজাবপন্থীসকলক । ফলত, ইৰানৰ হিজাব-বিৰোধী আন্দোলকনক লৈ বিশ্বজুৰি উত্তেজনা ক্রমে বাঢ়িছে ।

Exit mobile version