BROWN SUGAR WORTH 2.5 CR.SEIZED IN LAMDING : লামডিং ৰে’লৱে ষ্টেচনত ২.৫০ কোটি টকাৰ ব্ৰাউন চুগাৰ জব্দ

নামনিমুৱা ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ হয় ব্ৰাউন চুগাৰ খিনি

WhatsApp Image 2022 09 29 at 13.53.23

BROWN SUGAR WORTH 2.5 CR.SEIZED IN LAMDING : উত্তৰ-পূব সীমান্ত ৰে’লৰ ট্ৰেইন সমূহত ড্ৰাগছ সৰবৰাহকাৰীয়ে গোপনে অবৈধ ড্ৰাগছ আৰু ব্ৰাউন চুগাৰ সৰবৰাহ কৰি গৈছে যদিও এই ক্ষেত্ৰত জি আৰ পিয়ে কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ সময়ে সময়ে উদ্থাপিত হৈ থকাৰ মাজতে শেহতীয়াকৈ আজি লামডিং ৰে’ল ষ্টেচনত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷

১৫৯৬০ নামনিমুৱা ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ ৰে’ল খনৰ পৰা জব্দ হয় ব্ৰাউন চুগাৰখিনি ৷ ৩১ টা চাবোনৰ বাকচত ৪২১.৮৬ গ্ৰাম ব্ৰাউন চুগাৰখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰত মূল্য হৈছে ২.৫০ কোটি টকা ৷ ৰে’ল সুৰক্ষা বাহিনীয়ে এই সংক্ৰান্তত নগাঁও জিলাৰ জুৰীয়াৰ ৰচিদুল হক নামৰ ড্ৰাগছ পেডলাৰজনক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য ব্ৰাউন চুগাৰ খিনি ডিমাপুৰৰ পৰা চাপৰমুখলৈ নিয়াৰ পথত জব্দ হয় লামডিং ৰে’ল জংচনত ৷

Exit mobile version