DHUBRI BOAT ACCIDENT : ধুবুৰীত শোকাৱহ নাও দুৰ্ঘটনা

সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সহ কেইবাজনো যাত্ৰী

WhatsApp Image 2022 09 29 at 13.43.46

DHUBRI BOAT ACCIDENT : ধুবুৰীত শোকাৱহ নাও দুৰ্ঘটনা : ব্ৰক্ষ্মপুত্ৰৰ জীয়া ঢলত ডুবিল যন্ত্ৰচালিত নাও , ৰাজহ চক্ৰ বিষয়াসহ নিখোজ বহু লোক

ব্ৰক্ষ্মপুত্ৰৰ বুকুত আজি পুৱা সংঘটিত হৈছে শোকাৱহ নাও দুৰ্ঘটনাৰ ঘটনা । ব্ৰক্ষ্মপুত্ৰৰ বুকুত ডুব গ’ল এখন যন্ত্ৰচালিত নাও ।
বৰ্তমানলৈকে নিখোজ হোৱা লোকৰ সঠিক তথ্য লাভ কৰা নাই যদিও নাওখনত ৫০ ৰো অধিক লোক থকাৰ সন্দেহ কৰা হৈছে ।
ইফালে নাওখনত ৰাজহ চক্ৰ বিষয়া সনজু দাসো আছিল বুলি জানিব পৰা গৈছে । এক চৰজমিন অনুসন্ধানৰ বাবে বিষয়া গৰাকী এটা চৰকাৰী দলৰ সৈতে ধুবুৰীলৈ যাত্ৰা কৰিছিল ।
পৰিতাপৰ কথা যে, বৰ্তমানলৈ এই বিষয়াগৰাকীৰ কোনো শুংসুত্ৰ পোৱা হোৱা নাই ।
দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত জানিব পৰা মতে , ব্ৰক্ষ্মপুত্ৰৰ ওফন্দি থকা জলধাৰাত নিয়ন্ত্ৰণ হেৰুৱাই নাওখন ডুব যায় ।
ইতিমধ্যে এচ ডি আৰ এফ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে দুৰ্ঘটনাগ্ৰস্ত হোৱা অভিশপ্ত নাওখন এতিয়াও পানীৰ তলতে আছে ।

Exit mobile version