FANCY BAZAAR : পূজাৰ বতৰত অনলাইন শ্ব’পিং আৰু মলৰ অফাৰে আকৃষ্ট কৰিছে গ্ৰাহকক

ফাঁচি বজাৰত কমিছে গ্ৰাহকৰ ভিৰ , মলত দিছে বাম্পাৰ অফাৰ

WhatsApp Image 2022 09 29 at 20.43.14

FANCY BAZAAR : এটা সময় আছিল যেতিয়া পূজা বুলিলেই খুচুৰা ব্যৱসায়ীসকলৰ ব্যস্ততাৰ সীমা নাইকীয়া হৈছিল । অৱশ্যে বিগত দুটা বছৰত গুৱাহাটীৰ বজাৰত এখন বিপৰীত ছবিহে দেখা পৰিলক্ষিত হৈছে । যিহেতু খুচুৰা ব্যৱসায়ীসকলক প্ৰত্যাহ্বান জনাই গুৱাহাটীস্থিত শ্ব’পিং মলসমূহত পূজাৰ বজাৰত ভিৰ কৰিছে গ্ৰাহকে । বিশেষকৈ ৰাজ্যৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰস্বৰূপ ফাঁচি বজাৰত পূৰ্বৰ তুলনাত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে শ্ব’পিং মলসমূহত আকৌ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তেনেক্ষেত্ৰত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে শ্ব’পিং মলসমূহত । কোনোবা মলত যদি ঢাক বজাই গ্ৰাহকক আকৰ্ষণৰ চেষ্টা কৰা হৈছে , আন কোনোবাখন মলত আকৌ প্ৰৱেশ কৰাৰ লগে লগেই আগবঢ়োৱা হৈছে আকৰ্ষণীয় উপহাৰ কুপন ।

উল্লেখযোগ্য যে, মলত প্ৰৱেশ কৰা প্ৰতিজন গ্ৰাহকৰ বিনামূলীয়া কুপনত আছে টিভি , ফ্ৰিজৰ পৰা আৰম্ভ কৰি বহু মূল্যবান উপহাৰ । একেদৰে অন্য কোনোবা এটা মলত দিছে একেটা দামতে দুবিধ কাপোৰ । গ্ৰাহকক আকৰ্ষণৰ সকলো প্ৰচেষ্টা লোৱা মলসমূহে মুঠতে এনেবোৰ কৌশলেৰে এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ম্লান পেলাইছে ফাঁচি বজাৰ, মালিগাঁও, গণেশগুৰি , বামুনীমৈদান , বেলতলা আদিত থকা কাপোৰৰ দোকানসমূহৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ । অন্যহাতে শ্ব’পিং মলসমূহত কাপোৰৰ পৰা আৰম্ভ কৰি জোতা,চেণ্ডেল তথা ইলেকট্ৰনিক সামগ্ৰীৰো ৰেহাই মূল্যত বিক্ৰী বৃদ্ধি কৰা দেখা গৈছে ।

শ্ব’পিং মলৰ সমান্তৰাকৈ ই-কমাৰ্চেও মহানগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । অৰ্থাৎ অনলাইন বজাৰতো সাধাৰণ বজাৰৰ তুলনাত পূজাৰ বাম্পাৰ অফাৰ হিচাপে ৰেহাই মূল্যত যিকোনো সামগ্ৰী বিক্ৰী কৰা দেখা গৈছে । এনে ৰেহাই মূল্য তথা ঘৰতে বহি বজাৰ কৰা মানসিকতা গঢ় লৈ উঠা সমাজে এতিয়া যেন পূৰ্বৰ পূজাৰ বজাৰৰ জাক-জমকীয়া বজাৰখনৰ কথা মনত পেলাবলৈ আহৰি নোপোৱা হৈছে । উল্লেখযোগ্য যে , কে’বাটাও আন্তজাৰ্তিক ই-কমাৰ্চ এপয়ে অসম তথা পশ্চিমবংগৰ গ্ৰাহকসকলক লক্ষ্য কৰি পূজাৰ সময়ত মুকলি কৰিছে ‘গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল’ আদিকে ধৰি উৎসৱৰ সময়ত আকৰ্ষণীয় ৰেহাইৰ বজাৰ ।

তথ্য প্ৰযুক্তিৰ উত্তৰণৰ সমান্তৰালকৈ যোগাযোগৰ ক্ষেত্ৰখনো পূৰ্বতকৈ উন্নত হোৱাৰ সূত্ৰে এতিয়া অনলাইন মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ এজন বাসিন্দাই পছন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰাৰ পিছতেই সৰ্বাধিক তিনিদিনৰ ভিতৰত ঘৰতে সামগ্ৰীবিধ যোগান পোৱাটো নিশ্চিত হৈছে । ইফালে এনে অনলাইন এপসমূহে আকৌ সামান্য মূল্যৰ বিনিময়ত ২৪ ঘণ্টাৰ ভিতৰত ক্ৰয় কৰা সামগ্ৰী ডেলিভাৰী কৰাৰো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ যোগেদিও ধন পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । স্বাভাৱিকতে পূজাৰ প্ৰাকক্ষণত গুৱাহাটীত আৰম্ভ হোৱা যানজঁটৰ পৰাও দূৰত থাকিবলৈকে মহানগৰীৰ বৃহৎ সংখ্যক উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে এই অনলাইন মাৰ্কেটিঙত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ।

Exit mobile version