GMC SEALS HOTEL IN GUWAHATI RUNNING ILLEGALLY :মহানগৰীত অবৈধভাৱে চলি থকা লজ জিএম চিৰ দ্বাৰা চীল

WhatsApp Image 2022 09 29 at 19.25.03

GMC SEALS HOTEL IN GUWAHATI RUNNING ILLEGALLY : বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ হোটেল গংগা নিৱাস নামৰ লজখন বন্ধ কৰি দিয়ে। হাতীগাঁও অঞ্চলৰ সেউজ পথৰ ১নং উপ-পথৰ নং আৱাসিক অঞ্চলত বেআইনীভাৱে চলাই আহিছিল লজৰ গৰাকীয়ে । লজটোৰ গৰাকী ভাস্কৰ দাসে জি এম চি এইছৰ পৰা ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ বাবে অনলাইন আবেদন কৰিছিল। কিন্ত অনুমতি নোপোৱাকৈয়ে লজখনৰ কামকাজ চলাই গৈছিল ৷

জিএমচি সুত্ৰই জানিব দিয়া মতে , লজটোৰ গৰাকী ভাস্কৰ দাসে অনলাইনত বাণিজ্য অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছিল৷কিন্ত জি এম ছিৰ নিয়ম অনুসৰি আৱাসিক অঞ্চলত হোটেল চলাব নোৱাৰে৷সেইমতে এমাহৰ পূৰ্বে লজটো বন্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছিল আনকি লজৰ গৰাকীয়ে সন্মতো হৈছিল। কিন্ত পৰৱৰ্তী সময়ত অবৈধভাৱে লজটো চলাই থকাৰ সন্দৰ্ভত স্থানীয় লোকে অভিযোগ দিছিল ৷

Exit mobile version