HEALTHY BRAIN :সুস্থ মগজুৰ লক্ষণৰ বিষয়ে জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 29 at 16.11.59

HEALTHY BRAIN : প্ৰতিদিনেই আমাৰ মগজুৱে বিভিন্ন বুদ্ধিমত্তাৰে সকলো কাম কৰি যাব লাগে । তাৰমানে এইটো নহয় যে আপোনাৰ মগজুৰ পৰ্যাপ্ত পৰিচৰ্যা হৈছে ।

মগজুৰ এই কামসমূহ কৰিবলৈ আমি যথেষ্ট অনুশীলন কৰিবলগীয়া হয় । ইয়াৰ আগতে আমি জানিব লাগিব যে মগজুৰ সুস্থতা মানে কি ?
মগজুৰ সুস্থতা সন্দৰ্ভত যুক্তৰাষ্ট্ৰৰ নিউৰ’ছায়েনটিষ্ট হেইলি নেলছন উল্লেখ কৰিছে যে , মগজু তেতিয়াই সুস্থ আছে বুলি জানিব ,যেতিয়া মানুহে নিজৰ মগজুৰ ক্ষমতাৰ বিষয়ে জানিব । অৰ্থাৎ এজন সুস্থ মগজুৰ মানুহে যিকোনো পৰিস্থিতিতেই আৱেগ, মানসিক আচৰণ নিয়ন্ত্ৰণ কৰিব পাৰে ।

মানুহৰ শৰীৰৰ প্ৰতিটো কৰ্ম-কাণ্ডত মগজুৰ ভূমিকা আছে । যাৰবাবে আমি মগজুৰ পৰিচৰ্যা লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । এতিয়া কথা হ’ল আপুনি আপোনাৰ মগজুৰ যতন কেনেদৰে ল’ব ?

১/ বিশ্ৰাম : নেলছনে কৈছে যে পৰ্যাপ্ত টোপনিয়ে মগজুক সুস্থ কৰি ৰাখিব পাৰে । টোপনি যোৱা সময়ত আপোনাৰ টোপনি যদি সহজে ভাঙি নাযায় , তেন্তে বুজিব যে আপোনাৰ স্বাস্থ্য সঠিক ৰূপত পৰিচালিত হৈ আছে ।
যদি আপোনাৰ নিশা পৰ্যাপ্ত টোপনি অহা নাই তেন্তে দিনটো আপোনাক অৱসাদে আগুৰি ধৰিব আৰু কোনো কামতেই আপুনি মনোযোগ দিব নোৱাৰিব ।
মগজু সুস্থ হৈ আছেনে নাই এইকথা জনাৰ এটা উপায় হৈছে , কোনো এটা কামত আপোনাৰ মনোযোগ কামটো শেষ নোহোৱালৈকে আছেনে নাই লগতে কোনো পৰিস্থিতিত দ্ৰুত অথবা সাৱলীলভাৱে সমগ্ৰ দিনটো পাৰ কৰিব পাৰিছে নাই ।

২/ আৱেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা : ডা: নেলছনে কৈছে যে, প্ৰচণ্ড মানসিক চাপত যদি আপুনি দীঘল উশাহ লৈ অথবা ব্যায়াম বা ধ্যান কৰে , তেন্তে আপুনি নিজকে শান্ত ৰাখিব পাৰিব । হতাশাগ্ৰস্ততা বা মানসিক অস্বত্বিৰ আন এটা লক্ষণ হ’ল যে, কোনো কথা সহজতে মগজুৰ পৰা হেৰাই যোৱা । কিন্তু এজন সুস্থ মগজুৰ মানুহে স্বাভাৱিক সম্পৰ্ক আৰু মানসিক চাপ দুয়োটা বিষয় ভালদৰে লৈ যাব পাৰে ।

৩/ দ্ৰুতভাৱে শিকিব পাৰে : যদি কোনো এটা নতুন কাম দ্ৰুত গতিত শিকিব পাৰে , তেন্তে জানিব আপোনাৰ মগজু সঠিকভাৱে পৰিচালিত হৈ আছে ।
ডা: নেলছনে কৈছে যে, নতুন কোনো কথা শিকা বা নতুন কৌশল আয়ক্ত কৰা মগজুৰ বাবে এক উৎকৃষ্ট অনুশীলন ।
মগজু সক্ৰিয় কৰি ৰাখিবলৈ নিয়মিত প্ৰশিক্ষণ খুবেই প্ৰয়োজন আৰু কোনো নতুন কাম শীঘ্ৰেই আয়ক্ত কৰাটো সুস্থ মগজুৰ পৰিচয় ।

৪/ স্নায়ুতন্ত্ৰ ভালে ৰখা : স্নায়ুতন্ত্ৰক দ্বিতীয় মগজু বুলি কোৱা হয় । মগজুক স্নায়ু –এ নিয়ন্ত্ৰণ কৰে । স্নায়ু-এ ইন্দ্ৰিয়নুভূতিক জাগ্ৰত কৰি শৰীৰৰ সকলো কাম মগজুৰ দ্বাৰা সম্পাদন কৰে ।
আপোনাৰ স্নায়ু যদি ভালে থাকে তেন্তে মগজু-এ স্নায়ুৰ সংকেত মানি চলিব ।

৫/ সামাজিক জীৱনৰ ঘটনাবহুল : যি সকল লোকে সামাজিক যোগাযোগ যেনে- আত্মীয় , বন্ধুবৰ্গ, সহকৰ্মীৰ লগত দিনটো সুন্দৰকৈ কটাব পাৰে , তেনে লোকৰো মস্তিষ্ক ভালে থাকে ।
বয়সৰ লগে লগে মানুহৰ মগজুৰ ক্ষমতাও হ্ৰাস পায় । সামাজিক সম্পৰ্কবোৰ ভালদৰে বজাই ৰাখিলে কোনো সিদ্ধান্ত লোৱা বা মানুহ চিনা ইত্যাদিৰ দৰে জটিল কামবোৰ সহজ হৈ পৰে ।

এই সকলোবোৰ থাকিলে আপুনি বুজিব লাগিব যে , আপোনাৰ মগজু সঠিক ৰূপত পৰিচালিত হৈ আছে আৰু আপোনাৰ আশে-পাশে থকা লোকসকলৰ লগত সু-সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ মস্তিষ্কও ভাল হৈ থাকিব ।

Exit mobile version