Bjp:✒️পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে দেশজুৰি ৰাজনৈতিক উত্তেজনা তুঙ্গত। বিশেষকৈ পশ্চিমবঙ্গ, অসম আৰু পুদুচেৰীত প্ৰাৰম্ভিক ধাৰাত আগবঢ়াৰ দাবী কৰিছে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে।
দলীয় সূত্ৰই জনোৱা মতে, এই তিনিখন ৰাজ্যত ভাল ফলাফল লাভৰ আশাতেই আত্মবিশ্বাসী পদ্ম শিবিৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে পূৰ্বৰে পৰা এই নিৰ্বাচনৰ ফলাফলক লৈ আশাবাদ ব্যক্ত কৰিছিল। ভোটবাকচ খোলাৰ লগে লগে দেখা পোৱা প্ৰাৰম্ভিক ধাৰাই সেই আশাত নতুন উদ্দীপনা যোগাইছে।
ইতিমধ্যে সন্ধিয়া নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকিব বুলি আশা কৰা হৈছে তেওঁ, য’ত সমৰ্থক আৰু নেতা-কৰ্মীসকলৰ বৃহৎ সমাৱেশ হ’ব পাৰে।
পুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে দলীয় কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ দেখা যায়।
দলীয় কাৰ্যালয়ত দিনটো জুৰি বিজয়োৎসৱৰ প্ৰস্তুতি চলি থকাৰ কথাও জানিব পৰা গৈছে।
বিশেষকৈ অসমত বিগত ১০ বছৰে ক্ষমতাত থকা বিজেপিয়ে এইবাৰো তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব পাৰিব বুলি দলীয় মহলত দৃঢ় বিশ্বাস।
আনহাতে পুদুচেৰীত এনআৰ কংগ্ৰেছৰ স’তে গঠন কৰা জোটেও ভাল ফলাফল লাভ কৰিব বুলি বুথফেৰৎ সমীক্ষাই আভাস দিছিল।
এই পৰিস্থিতিত পশ্চিমবঙ্গতো সময় বাঢ়ি যোৱাৰ লগে লগে বিজেপিৰ আগবঢ়াৰ ধাৰা শক্তিশালী হোৱা দেখা গৈছে বুলি দলীয় সূত্ৰই দাবী কৰিছে।
সকলো মিলাই পাঁচ ৰাজ্যৰ এই নিৰ্বাচনৰ ফলাফল দেশৰ ৰাজনৈতিক দিশ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।































