LPG CYLINDER CAPPING NEW RULES : ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ নতুন নিয়ম বলবৎ

বছৰত গ্ৰাহকে ল'ব পাৰিব ১৫ টা চিলিণ্ডাৰ

WhatsApp Image 2022 09 29 at 16.28.20

LPG CYLINDER CAPPING NEW RULES : কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ পোৱাৰ ক্ষেত্ৰত বলবৎ কৰিছে নতুন নিয়ম ৷ কোটা ভিত্তিত নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি এতিয়াৰ পৰা বছৰত গ্ৰাহকে কিনিব পাৰিব পোন্ধৰ চিলিণ্ডাৰ ৷ ইয়াতকৈ অধিক চিলিণ্ডাৰ দিয়াটো বাৰন কৰিছে ৷অৱশ্যে মাহত ল’ব পাৰিব দুটা চিলিণ্ডাৰ ৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চিলিণ্ডাৰ লাভৰ ক্ষেত্ৰত মাহেকীয়া বা বছৰেকীয়া কোনো কোটা নিৰ্ধাৰণ কৰা হোৱা নাছিল ৷ ভাৰতীয় তেল নিগমৰ এক ৰিপৰ্টত উল্লেখ কৰা হয় যে এবছৰত ১৫ টাৰো অধিক চিলিণ্ডাৰ কিনিবলৈ হ’লে গ্ৰাহকে অনুমতি ল’ব লাগিব আই অ চিৰ ৷ উদ্থাপিত অভিযোগ অনুসৰি বহু গ্ৰাহকে প্ৰয়োজনকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰি বেছি দামত বিক্ৰী কৰে৷এই ক’লা বজাৰ ৰোধ কৰাৰ বাবেই আই অ চি-এ শেহতীয়াকৈ কোটা ব্যৱস্থা কৰিছে ৷

Exit mobile version