SUPREME COURT IMPORTENT JUDGEMENT : সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

বিবাহিত মহিলাৰ দৰে গৰ্ভপাত কৰাৰ অধিকাৰ আছে যুৱতীৰো

WhatsApp Image 2022 09 29 at 13.23.37

SUPREME COURT IMPORTENT JUDGEMENT : দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মহিলা- যুৱতী সকলৰ পক্ষে এক বৃহৎ ৰায়দান দিয়ে ৷ এই ৰায়দান অনুসৰি এতিয়াৰ পৰা দেশৰ বিবাহিত আৰু অবিবাহিত সকলো মহিলাই সুৰক্ষিত আৰু আইনগতভাৱে গৰ্ভপাত কৰাৰ অধিকাৰ লাভ কৰিব৷একেদৰে অবিবাহিত যুৱতী সকলেও গৰ্ভপাত কৰিব পাৰিব ৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে কয় গৰ্ভধাৰণৰ চিকিৎসা সম্পৰ্কীয় আইন সংশোধন কৰি ৰায়দানত কয় যে বিবাহিত মহিলাৰ দৰে অবিবাহিত যুৱতীয়েও গৰ্ভপাত কৰাৰ সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ৷ ৰায়দানত ন্যায়াধীশ গৰাকীয়ে কয়,এগৰাকী অবিবাহিত মহিলাক অবাঞ্ছিত গৰ্ভধাৰণত ভুগিবলৈ দিয়াটো এক আইন বিৰুদ্ধ কাৰ্য৷ একেদৰে এমটিপি আইনৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিপৰীত হ’ব।

স্মতৰ্ৱ্য যে ন্যায়ালয়ে এগৰাকী অবিবাহিত মহিলাৰ অবাঞ্ছিত গৰ্ভধাৰণ সন্দৰ্ভত কৰা ৰায়দানত এইমছৰ সঞ্চালকক গৰ্ভপাতৰ পৰৱৰ্তী সময়ত যাতে মহিলা গৰাকীৰ জীৱনৰ প্ৰতি কোনো ভাবুকি সৃষ্টি নহয় ৷ তাৰ বাবে এইমছক এখন চিকিৎসা পৰিষদ গঠনৰ নিদেৰ্শনা দিয়ে ৷

Exit mobile version