অসম ভলীবল সন্থাৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা

b450718f 6827 40fd abed efe9ae08f28d

যোৱা ২২ মে’ত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম ভলীবল সন্থাৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰী পৰীক্ষা (লিখিত আৰু মৌখিক)ৰ ফলাফল আজি ঘোষণা কৰা হয় ।

ADVERTISEMENT

অসম ভলীবল সন্থাই এক প্ৰেছ বিজ্ঞপ্তি যোগে এই ফলাফল ঘোষণাৰ কথা জানিবলৈ দিয়াৰ লগতে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে অহা তিনি বছৰৰ ভিতৰত ব্যৱহাৰীক পৰীক্ষাত অৱত্তীৰ্ণ হ’ব লাগিব বুলি উল্লেখ কৰে ।

ইফালে যোৱা বৰ্ষত মঙলদৈৰ হাজৰীকাপাৰাত অনুষ্ঠিত হোৱা আন্ত:জিলা চাব জুনিয়ৰ ( ১৬ বছৰ অনুৰ্ধ ) ভলীবল প্ৰতিযোগিতাত ব্যৱহাৰীক পৰীক্ষাত অৱত্তীৰ্ণ হোৱা ভুপেন বৰ্মনক ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰে অসম ভলীবল সন্থাই ।

Exit mobile version