পূজাৰ প্ৰাকক্ষণত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী : অসমত হ’ব প্ৰৱল বৃষ্টিপাত

image 4

বিগত দুটা বছৰৰ পিছত অসমত কোনো ক’ভিড এচ অ’ পি নথকাকৈ শাৰদীয় দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে । এনে সময়তে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক সতৰ্কবাণী ।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এই সতৰ্কবাণী অনুসৰি, পূজাৰ দিন কেইটাত ৰাজ্যত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে । অৰ্থাৎ দুই, তিনি আৰু চাৰি অক্টোবৰত অসমত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে । উল্লেখযোগ্য যে, অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কে’বাখনো ৰাজ্যত বৃষ্টিপাত হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

এই ঘোষণাৰ পিছতে এতিয়া পূজা উদযাপনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থকা ভক্তগণৰ মাজত পূজাৰ উছাহ ম্লান পৰা পৰিলক্ষিত হৈছে । ইফালে ভক্তক আদৰিবলৈ ৰাজ্যৰ হাজাৰোৰ্ধ পূজা কমিটীসমূহেও ব্যাপক প্ৰস্তুতি কৰা দেখা গৈছে । তেনেক্ষেত্ৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীয়ে স্বাভাৱিকতে ৰাজ্যবাসীৰ আশাত চেঁচা পানী ঢালিছে ।

Exit mobile version