Adipurush first look : ৰামচন্দ্রৰ ৰূপত ‘বাহুৱলী’ খ্যাত প্রভাস, প্রকাশ পালে ‘আদিপুৰুষ’-ৰ প্রথম আভাস

adipurush

অপেক্ষাৰ অৱসান । প্রকাশ পালে ‘আদিপুৰুষ’ ছবিৰ ফাৰ্ষ্ট লুক । পুনৰ চমক দিবলৈ আহি আছে ‘বাহুৱলী’ খ্যাত প্রভাস । তেওঁৰ আসন্ন বিগ বাজেটৰ ছবি ‘আদিপুৰুষ’ । পৰিচালনা কৰিছে ওম ৰাৱটে । ছবিত প্রভাসৰ স’তে অভিনয় কৰিছে ছইফ আলি খান, কৃতি ছেনন প্রমুখে ।

শুকুৰবাৰে সামাজিক মাধ্যমত ‘আদিপুৰুষ’-ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰে প্রভাসে । তেওঁ ইংৰাজী, তামিল, তেলেগু, মালায়লম আৰু কানাড়া ভাষাত প’ষ্টাৰ লুক শ্বেয়াৰ কৰে । প’ষ্টাৰত মাটিত আঠুকাঢ়ি হাতত ধনু কাঁড় লৈ আকাশত লক্ষ্য কৰি থকা দেখা গৈছে অভিনেতাজনক । অনেকৰেই ধাৰণা এই ছবিখন প্রভাসৰ কেৰিয়াৰৰ সকলোতকৈ ডাঙৰ ছবি হ’ব ।

ছবিৰ ফাৰ্ষ্ট লুক প’ষ্টাৰ প্রকাশ কৰি প্রভাসে কেপছনত লিখিছে, অহা দুই অক্টোবৰত সন্ধিয়া ‘আদিপুৰুষ’ ছবিৰ নতুন প’ষ্টাৰ আৰু টিজাৰ প্রকাশ কৰা হ’ব । ছবিখন তিনিটা ভাগত নির্মিত হৈছে । ২০২৩ৰ ১২ জানুৱাৰীত প্রেক্ষাগৃহত মুক্তি পাব এই ছবি ।

এই ছবিত প্রভাসক দেখা যাব ৰামচন্দ্রৰ ৰূপত । ছইফক দেখা যাব ৰাৱণৰ চৰিত্রত আৰু কৃতিক সীতাৰ চৰিত্রত । ছবিৰ শ্বুটিং হৈছে মুম্বাই আৰু হায়দৰাবাদত । বর্তমান ছবিৰ প’ষ্ট প্রোডাকছনৰ কাম চলি আছে । ভিএফএক্স-ৰ বৃহৎ ভূমিকা আছে ছবিত । ভূষণ কুমাৰ আৰু কৃষাণ কুমাৰৰ ‘আদিপুৰুষ’ হ’ল ভাৰতীয় মহাকাব্যৰ এটা ৰূপান্তৰ ।

ছবিৰ বাবে বিশেষ দৈহিক গঠনৰ প্ৰয়োজন । সেয়ে প্রভাস আৰু ছইফে কঠোৰ পৰিশ্রম কৰিছে বুলি জনাইছিল পৰিচালক ওম ৰাৱটে । ছবিখন হিন্দী, তেলেগু, তামিল, মালায়লম আৰু কানাড়া ভাষাত মুক্তি পাব ।

Exit mobile version