ARUNACHAL PRADESH STICKERS LIQUOR SEIZED IN JAMAGURI :জামগুৰিত অৰুণাচলী সুৰা ভৰ্তি বলেৰ’ বাহন এখন জব্দ

WhatsApp Image 2022 09 30 at 11.24.06

ARUNACHAL PRADESH STICKERS LIQUOR SEIZED IN JAMAGURI : সমাজত দূৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ উত্তৰ পাৰৰ জিলা সমূহলৈ সংগোপনে সৰবৰাহ হৈছে অৰুণাচলী সুৰা ৷  আৰক্ষীয়ে জিলা কেইখনৰ সীমামুৰীয়া অঞ্চল সমূহত নিয়মীয়া তালাচী তীব্ৰতৰ কৰি তোলাৰ মাজতে শুক্ৰবাৰে পুৱা জামগুৰিত অৰুণাচলী সুৰা ভৰ্তি বলেৰ’ বাহন এখন জব্দ কৰে আৰক্ষীয়ে ৷

জামগুৰিৰ মিলনপুৰৰ পথৰ দাঁতিত এখন সন্দেহযুক্ত বাহন প্ৰত্যক্ষ কৰি স্থানীয় গঞাই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী উপস্থিত হৈ বলেৰ’ গাড়ীখনত তালাচী চলোৱাত ২০ টা কাৰ্টুনত থকা অৰুণাচলী সুৰা জব্দ কৰিব সক্ষম হয় ৷ আৰক্ষী অহাৰ পূৰ্বে বাহন খনৰ দুই আৰোহীপলায়ন কৰে ৷ অৱশ্যে এজন লিংকমেনক আটক কৰে জামগুৰি আৰক্ষীয়ে ৷

Exit mobile version