Fake Notes : এম্বুলেন্সত জাপে জাপে দুহেজাৰৰ বাণ্ডল দেখি হতভম্ব আৰক্ষী, নোটত লিখা আছে ‘ৰিভাৰ্চ বেংক অৱ ইণ্ডিয়া’ !

WhatsApp Image 2022 09 30 at 1

গোপন সূত্রে খবৰ । এম্বুলেন্সত টকা সৰবৰাহ হৈছে । সূত্র মাৰফৎ খবৰ পাই তৎপৰ হয় আৰক্ষী প্ৰশাসন । এম্বুলেন্স ৰখাই দুৱাৰ খুলি হতবাক আৰক্ষীকৰ্মী । জাপ জাপ দুহেজাৰ টকাৰ নোট । গণনা কৰি মুঠ ২৫ কোটি ৮০ লাখ টকা পায় । যদিও সকলো নোটত লিখা আছে, ‘ৰিভাৰ্চ বেংক অৱ ইণ্ডিয়া’ !

এই আজব ঘটনা সংঘটিত হৈছে গুজৰাটৰ সুৰতত । গোপন সূত্রে খবৰ লাভ কৰে কামৰেজ আৰক্ষীচকীয়ে, এম্বুলেন্সত নোট সৰবৰাহ কৰা হৈছে । সেই মতেই আহমেদাবাদ-মুম্বাই ৰোডত তালাচী চলাইছিল আৰক্ষীয়ে । এখন এম্বুলেন্স অহা দেখি ৰখোৱা হয় । চালক আৰু যাত্ৰীক সোধ-পোচ কৰাৰ পাছত সন্দেহ ঘনীভূত হয় আৰক্ষীৰ । চালকক পাছফালৰ দুৱাৰ খুলিবলৈ কয় আৰক্ষীয়ে ।

দুৱাৰ খুলিয়েই আৰক্ষীৰ চকু কপালত উঠে । জাপে জাপে দুহেজাৰ টকাৰ নোট । আৰক্ষী ছুপাৰ হিতেশ জয়ছে জনাইছে, গণনা কৰি ছটা কাগজৰ বাকচত মুঠ ১,২৯০ টা নোটৰ বাণ্ডল পোৱা যায় । যাৰ মুঠ মূল্য ২৫ কোটি ৮০ লাখ টকা । কিন্তু সকলো নোটতেই লিখা আছে ৰিভাৰ্চ বেংক অৱ ইণ্ডিয়া । বাণ্ডলৰ তলত লিখা আছে, এই নোট কেৱল ছবিৰ শ্বুটিঙৰ কামত ব্যৱহাৰৰ বাবে ।

এতিয়া প্ৰশ্ন উদয় হয় যে, কেৱল শ্বুটিঙৰ বাবে বাণ্ডল বাণ্ডল টকাৰ নকল নোট আহিল ক’ৰ পৰা ?

Exit mobile version