FLYOVER AT GUWAHATI ARYANAGAR SARABBHATI : মহানগৰবাসীয়ে আজি পাব আৰু এখন উৰণীয়া সেঁতু

WhatsApp Image 2022 09 30 at 11.05.48

FLYOVER AT GUWAHATI ARYANAGAR SARABBHATI :  মহানগৰীৰ সদাব্যস্ত কালাপাহাৰ আৰু নেপালী মন্দিৰ অঞ্চলক সংযোগ কৰি নিৰ্মাণ কৰা আৰ্যনগৰ উৰণ সেঁতু খন শাৰদীয় দুৰ্গোৎসৱৰ উপহাৰ হিচাপে আজি ৰাইজৰ নামত উৎসগিত কৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় ১৫০ কোটি টকাৰ ব্যয়েৰে ৭৯০ মিটাৰ দৈঘ্যৰ উৰণীয়া সেঁতু খন বিশ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰা হয় ৷ উল্লেখ্য বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলে দীৰ্ঘদি নধৰি তীব্ৰ যানযঁটৰ সন্মুখীন হৈছিল ৷ অৱশেষত সকাহ পালে আৰ্যনগৰবাসীয়ে ৷ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সেঁতু খন ৷ সেঁতুখনত অংকন কৰা হৈছে উত্তৰ-পূৰ্বৰ জাতি- জনগোষ্ঠীয় লোকৰ জাতীয় জীৱনৰ প্ৰতীক ৷

Exit mobile version