Kabul Blast : কাবুলৰ বিস্ফোৰণত নিহত শতাধিক শিক্ষাৰ্থী, আহত একাধিক

শিক্ষা প্রতিষ্ঠানত পৰীক্ষা চলাকালীন আত্মঘাতী আক্ৰমণ

IMAGE 1663940106

কাবুলৰ শিক্ষা প্রতিষ্ঠানত আত্মঘাতী বিস্ফোৰণ । প্ৰায় এশ জনৰ মৃত্যু হৈছে বুলি খবৰ । আহতৰ সংখ্যাও একাধিক । নিহত আৰু আহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি খবৰ সংবাদমাধ্যম সূত্রে ।

শুকুৰবাৰে স্থানীয় সময় অনুযায়ী পুৱা সাত বাজি ৩০ মিনিটত এই বিস্ফোৰণ ঘটে । কাবুলৰ পশ্চিম দিশে ‘কাজ এডুকেছন চেণ্টাৰ’ হঠাৎ কঁপি উঠে তীব্র শব্দত । সেই সময়ত প্ৰতিষ্ঠানটোত পৰীক্ষা চলি আছিল । বিশ্ববিদ্যালয়ৰ প্রৱেশিকা পৰীক্ষাৰ বাবে প্রস্তুতিমূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বহু শিক্ষাৰ্থী ।

স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, ‘কাজ এডুকেছন চেণ্টাৰ’ৰ পৰা এই পর্যন্ত এশজন শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃতৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি শংকা কৰা হৈছে ।

শুকুৰবাৰে এই প্রতিবেদন লিখা পর্যন্ত কোনো সংগঠনে এই আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰা নাই । তালিবানৰ তৰফৰ পৰা জনাইছে যে, ঘটনাৰ খবৰ পায়েই তেওঁলোকৰ নিৰাপত্তাৰক্ষীসকল সেই ঠাইত উপস্থিত হৈছে । পৰিস্থিতি নিয়ন্ত্রণত অনা হৈছে ।

কাবুলৰ ওই অঞ্চলত সাম্প্রতিক অতীতত একাধিকবাৰ আক্ৰমণ হৈছে । অঞ্চলটোত মূলত সংখ্যালঘুসকলে বসবাস কৰে । তেওঁলোককেই ‘লক্ষ্য’ কৰা হৈছে বাৰে বাৰে, এই মত পর্যবেক্ষকসকলৰ একাংশৰ ।

বিগত বছৰৰ আগষ্টত আফগানিস্তানত ক্ষমতাত আহে তালিবান । তেওঁলোকে জনাইছিল, দেশত শান্তি প্রতিষ্ঠাই তেওঁলোকৰ লক্ষ্য । কিন্তু বিগত কিছু মাহত তালিবানশাসিত আফগানিস্তানৰ পৰা একাধিক অশান্তিৰ খবৰ আহিছে । নাগৰিকসকলৰ ক্ষমতা খর্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ বিৰুদ্ধে । একাধিক বিস্ফোৰণ, আক্ৰমণো হৈছে । কাবুলসহ আফগানিস্তানৰ চোকে-কোণে সন্ত্রাসবাদী কার্যকলাপ গা-কৰি উঠিছে সময়ৰ লগে লগে । তাৰ মাজতেই শুকুৰবাৰে পুৱা শিক্ষা প্রতিষ্ঠানত আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত হ’ল ।

Exit mobile version