অবিশ্বাস্য : মহাকাশত যোগ-ব্যায়াম কৰিলে এজন বিজ্ঞানীয়ে

pvj97kj ms cristoforetti can be seen striking yoga

বৰ্তমান সমগ্ৰ বিশ্বত ভাৰতীয় দৰ্শনৰ অংগ বিশেষ যোগ-ব্যায়ামে অদ্ভূত জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে । প্ৰতি বৰ্ষত ২১ জুনৰ দিনা পালন কৰা যোগ দিৱসত সাগৰৰ তীৰ, পাহাৰ, নদীৰ তীৰত সকলোতে স্বাস্থ্য সচেতন লোকসকলে যোগ অভ্যাস কৰা দেখা যায় ।

একেদৰে মহাকাশতো যোগ-ব্যায়াম আৰম্ভ হৈছে । শুনি হয়তো আপুনি আচৰিত হ’ব যে, এনে এটা অবিশ্বাস্য ঘটনাই এতিয়া ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত বিয়পি পৰা দেখা গৈছে ।

যিটো চাই আচৰিত হৈছে সকলো মানুহ । আন্তজাৰ্তিক মহাকাশ ষ্টেছনত যোগ কৰা দেখা গৈছে এজন বিজ্ঞানীক । এই মহাকাশ বিজ্ঞানী গৰাকী হৈছে , ইউৰোপিয়ান স্পেছ এজেন্সিৰ অন্যতম সামান্তা ক্ৰিষ্টোফোৰেত্তি ।

বিজ্ঞানীগৰাকীয়ে মহাকাশত যোগ কৰা দৃশ্যৰ ভিডিঅ’ টুইটাৰত চেয়াৰ কৰিছে । ভিডিঅ’ টোত শূণ্য মহাকাশত সামান্তাক ব্যায়ামৰ এটা ভংগিমাত দেখা গৈছে । ভিডিঅ’টো কচমিক কিডছ পেজত পোষ্ট কৰিছে বিজ্ঞানী গৰাকীয়ে । কেপশ্যন দিছে ‘’ ওজন শূণ্য স্থানত যোগা ? তাকে কৰা হৈছে ! এইটো বুদ্ধি কৰা হৈছে , কিন্তু এইটো কৰা সম্ভৱ ।‘’

মহাকাশত অসম্ভৱকো সম্ভৱ কৰা এই ভিডিঅ’ দেখি এতিয়া আচৰিত হৈছে নেট সমাজ । যিটো দেখি এজন নেটিজেনে লিখিছে , ‘কোনো স্থানতে যোগ কৰা সম্ভৱ ।‘ আকৌ অন্য এজনে মহাকাশচাৰীজনক শ্ৰদ্ধা জনাই মন্তব্য কৰিছে , ‘আপোনাক সেৱা ।‘

Exit mobile version