মুকেশ আম্বানিক জেড প্লাছ কেটেগৰিৰ নিৰাপত্তা দিয়াৰ নির্দেশ কেন্দ্রৰ

ambani 1659981579130 1659981598311 1659981598311

ৰিলায়েন্সৰ মুৰব্বী ধনকুবেৰ মুকেশ আম্বানিৰ (Mukesh Ambani) নিৰাপত্তা বৃদ্ধি কৰিলে কেন্দ্র‌ই । জেড কেটেগৰিৰ পৰা বৃদ্ধি কৰি জেড প্লাছ (Z plus) কেটেগৰিৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । চোৰাংচোৱা সূত্রে জানিব পৰা গৈছে, আম্বানিৰ ওপৰত আক্ৰমণৰ শংকা আছে । সেয়ে গৃহমন্ত্রণালয়ৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে ।

৬৫ বছৰীয়া মুকেশে ২০১৩ৰ পৰাই জেড কেটেগৰিৰ সুৰক্ষা লাভ কৰে । তেওঁৰ পত্নী নীতা আম্বানিয়েও সুৰক্ষা লাভ কৰে । অৱশ্যে ৱাই প্লাছ কেটেগৰিৰ । এইবাৰ নিৰাপত্তাৰ কাৰণেই আম্বানিৰ সুৰক্ষাত কমাণ্ডোৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হ’ল ।

উল্লেখ্য, বিগত বছৰত আম্বানিৰ মুম্বাইৰ বাসভৱন এন্টিলাৰ সন্মুখৰ পৰা এখন স্কৰপিঅ’ গাড়ীৰ পৰা ২০টা জিল’টিন ষ্টিক উদ্ধাৰ হৈছিল । সকীয়নি পত্ৰ‌ও পোৱা গৈছিল । এই ঘটনাত আৰক্ষী থানাত অভিযোগ দাখিল কৰা হয় ।

জানিব পৰা যায়, যে গাড়ীত বোমা ৰখা হৈছিল আৰু গাড়ীখনৰ মালিক ব্যৱসায়ী মনসুখ হিৰনক মৃত অৱস্থাত পোৱা যায় যোৱা বছৰৰ পাঁচ মার্চত ।

ইয়াৰ পাছত ৰহস্য আৰু গভীৰ হয় । এই ঘটনাৰ উদ্বেগ সাম নাকাটোতেই স্বাধীনতা দিৱসত পুনৰ হত্যাথ সকীয়নি পায় ৰিলায়েন্সৰ মুৰব্বীয়ে । ৰিলায়েন্স ফাউণ্ডেছনত তিনি মিনিটত মুঠ আঠটা ফোন আহে । আম্বানি আৰু তেওঁৰ পৰিয়ালৰ সদস্যক সকীয়নি দিয়া হয় । এই ঘটনাত মুম্বাইৰ ডিবি মার্গ থানাত অভিযোগ দাখিল কৰা হয় । এজন গ্রেপ্তাৰো হয় ।

ইফালে, সম্প্রতি প্রকাশিত ব্লুমবার্গ বিলেনিয়াৰ্ছ ইনডেক্সত ৰিলায়েন্স কর্তা আছে ১১ নম্বৰত । মুঠ সম্পত্তিৰ পৰিমাণ ৮২.৪ বিলিয়ন ডলাৰ । ভাৰতীয় মুদ্রাত যাৰ মান ৬.৭০ লাখ কোটি টকা । অৱশ্যে ফ’র্বছ ৰিয়েল টাইম বিলেনিয়াৰ ইনডেক্স অনুযায়ী বিশ্বৰ শ্ৰেষ্ঠ ১০ ধনীৰ তালিকাত তেওঁ আঠ নম্বৰত আছে । এছিয়াৰ সৰ্বোচ্চ ধনী ব্যক্তিৰ শিৰোনাম তেওঁৰ পৰা কাঢ়ি লৈছে আদানিয়ে ।

Exit mobile version