PM Narendra Modi : নৱ যুগৰ সূচনা, হাতৰ মুঠিতে সম্ভাৱনাৰ সমুদ্র, দেশত ফাইভ-জি প্রযুক্তিৰ যাত্রা আৰম্ভ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

pm modi 5g launch new

শনিবাৰে দেশত ফাইভ-জি প্রযুক্তিৰ সূচনা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । প্রতিশ্রুতি দিলে, পঞ্চম প্রজন্মৰ এই ম’বাইল ইন্টাৰনেট সেৱাৰ বিদ্যুৎ গতিৰে দেশৰ যোগাযোগ ব্যৱস্থাত নৱ যুগৰ সূচনা হ’ব । য’ত হাতৰ মুঠিতে থাকিব এক অপাৰ সম্ভাৱনাৰ সমুদ্র ।

‘ইণ্ডিয়া ম’বাইল কংগ্রেছ’ (আইএমচি)-ৰ ২০২২ৰ সমাবেশত প্রধানমন্ত্রীৰ হাতেৰে আৰম্ভ হ’ল দিল্লী, কলকাতাৰ দৰে কে’বাখনো চহৰত ফাইভ-জি ম’বাইল প্রযুক্তি । আগন্তুক কিছু বছৰত কে’বাটাও পৰ্যায়ত আৰম্ভ হ’ব সমগ্ৰ দেশত । সেই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘এটা সময় ছিল যেতিয়া টু-জি, থ্ৰী-জি বা ফ’ৰ-জি ম’বাইল প্রযুক্তিৰ বাবে ভাৰতে অন্য দেশৰ মুখ চাই বহি থাকিবলগীয়া হৈছিল । কিন্তু ফাইভ-জি সেৱাৰ সূচনাৰে ভাৰতে সমগ্ৰ বিশ্বত এক অনন্য ইতিহাস ৰচিলে ।’’

প্রধানমন্ত্রীগৰাকীয়ে কয়, ‘‘ডিজিটেল ইণ্ডিয়াৰ প্রতি আমাৰ মনোভাবৰ কাৰণেই ২০১৪-ত যেতিয়া দেশত মাত্র দুটা ম’বাইল প্ৰস্তুতকাৰী সংস্থা আছিল, কিন্তু এতিয়া বাঢ়ি হৈছে দুশ । ফলত ম’বাইলৰ দামো কমিছে বহু পৰিমাণে । প্রধানমন্ত্রীয়ে ভাষণত দেশত ডেটা ব্যয়ৰ তুলনামূলক বিশ্লেষণ দি কয়, ‘‘সম্প্ৰতি ভাৰতত ম’বাইল ডেটাৰ ব্যয় সর্বনিম্ন । ২০১৪ত এক জিবি ডেটাৰ দাম আছিল তিনিশ টকা, এতিয়া পোৱা যায় মাত্র ১০ টকাত । সেয়ে দেশবাসীয়ে প্রতি মাহে গড়ে ১৪ জিবি ডেটাৰ বাবে ব্যয় কৰিবলগীয়া হয় মাত্র ১২৫ৰ পৰা ১৫০ টকা । ২০১৪-চ যি ব্যয় আছিল ৪,২০০ টকা ! এয়া প্ৰকৃততৈ প্রযুক্তিৰ গণতন্ত্রীকৰণৰ মাধ্যমতেই কেৱল সম্ভৱ হৈছে ।’’

এই প্রসংগতেই প্ৰধানমন্ত্ৰী মোদীয়ে কটাক্ষ কৰে পূর্বৰ কংগ্রেছ চৰকাৰক । তেওঁ কয়, ‘‘প্ৰকৃত কথা হ’ল, টু-জি আৰু ফাইভ-জিৰ মাজত এইটোৱে পাৰ্থক্য ।’’ পর্যৱেক্ষকসকলে কয়, কংগ্রেছ চৰকাৰৰ আমোলত টু-জি স্পেকট্রাম বণ্টনক লৈ বিতর্কৰ কথা দাঙি ধৰিলে প্রধানমন্ত্রীয়ে ।

Exit mobile version