কল বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ পঢ়ক—

WhatsApp Image 2022 10 02 at 15.02.56

স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী সুস্বাদু ফল হৈছে কল। কলে যেনেকৈ শৰীৰৰ পুষ্টি সাধন কৰে , ঠিক তেনেকৈ কলৰ বাকলিৰো উপকাৰী গুণ আছে । বিশেষকৈ ৰূপ চৰ্চাৰ ক্ষেত্ৰতো কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি । গৱেষণাত এই কথা প্ৰমাণ হৈছে যে কলত লুটেইন থকাৰ লগতে এণ্টি অক্সিডেণ্ট, ভিটামিন এ, বি, চি, ই, পটাছিয়াম, জিংক, আয়ৰণ আৰু মেংগানিজ থাকে ।

ছালৰ দাগ নাইকীয়া কৰিবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি । কল খোৱাৰ পিছত বাকলি খিনিৰ ভিতৰত থকা কোমল অংশখিনি এখন চামুচেৰে উলিয়াই মুখত লগাই ১০-১৫ মিনিট ৰাখি ধুই দিলে মুখখন চাফা হোৱাৰ লগতে দৈনিক এই প্ৰলেপ লগালে মুখৰ ক’লা দাগ আৰু ছালত পৰা বলয় ৰেখা নোহোৱা হয় ।

ইয়াৰ লগতে কলৰ বাকলি আপুনি যিকোনো গছৰ গুৰিত দিলে গছ জোপাই প্ৰচুৰ সাৰ লাভ কৰে ।

একেদৰে কলাখাৰো শৰীৰৰ বাবে উপকাৰী । সাধাৰণতে কলাখাৰ কলৰ মধুনাৰ পৰা তৈয়াৰ কৰিব পাৰি যদিও ভীম কলৰ বাকলিৰ পৰাও খাৰ তৈয়াৰ কৰিব পাৰি । ভীম কলৰ বাকলি তিনি –চাৰি দিন ৰ’দত শুকুৱাই লোৱাৰ পিছত জুইত পুৰি লাভ কৰা ছাইখিনি পানীত ৰাখি থৈ পিছত চেকি সেই পানী খাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

খাৰ শৰীৰৰ বাবে খুবেই উপকাৰী এবিধ দ্ৰব্য । খাৰে পেট চাফা কৰাৰ লগতে ওজন হ্ৰাস কৰাতো সহায় কৰে । ইয়াৰোপৰি খাৰেৰে চুলি ধুলে চুলি দীঘল আৰু ক’লা হয় । আনকি দাঁতত লগা হালধীয়া ৰং আঁতৰাবলৈ কলৰ খাৰ ব্যৱহাৰ কৰিব পাৰে ।

যিহেতু এটা সময়ত কাপোৰ , সোণৰ আ-অলংকাৰ আদি চাফা কৰিবলৈ খাৰ ব্যৱহাৰ কৰিছিল । জানি হয়তো আচৰিত হ’ব যে, ভৰিৰ গোৰোহা ফটা ভাল কৰিবলৈও কলৰ বাকলি ব্যৱহাৰ কৰাৰ লগতে জুতা আদি চামৰাৰ সামগ্ৰীও কলৰ বাকলিৰে চাফা কৰিব ।

গতিকে শৰীৰৰ বাবে উপকাৰী এই ফল আপুনি দৈনিক খোৱাৰ অভ্যাস গঢ়ি তোলাৰ লগতে বাকলিৰ পৰাও উপকৃত হ’ব পাৰিব ।

Exit mobile version