Doctor : যানজঁটত আবদ্ধ এম্বুলেন্সত ৰোগীৰ মৃত্যুৱে জোঁকাৰি গৈছিল, পার্ট-টাইম যানজঁট নিয়ন্ত্ৰণ কৰে চিকিৎসকে

1664695864 doctor video

এটা ঘটনাই সলনি কৰিছে এজন চিকিৎসকৰ জীৱিকা । এতিয়া তেওঁ একাধাৰে চিকিৎসাও কৰে আৰু যানজঁটো নিয়ন্ত্ৰণ কৰে ! আচৰিত যেন লাগিলেও এনেদৰেই দুটা কাম নিয়ন্ত্ৰণ কৰে চিকিৎসক কৃষ্ণ যাদৱে । প্রথম জীৱিকাৰ স’তে তেওঁ দীর্ঘ দিনৰ পৰাই জড়িত । অৱশ্যে দ্বিতীয় জীৱিকাৰ স’তে কিন্তু তেওঁৰ পৰিচয় ২০২২ৰ পৰা ।

২০১১-ৰ অক্টোবৰ । প্রতি দিনৰ দৰে ৰোগী চিকিৎসা কৰি ঘৰলৈ উভতিছিল চিকিৎসক কৃষ্ণ । উভতি আহোঁতে যানজঁটৰ সন্মুখীন হয় । হঠাৎ তেওঁ এম্বুলেন্সৰ ছাইৰেনৰ শব্দ শুনে । ঘূৰি চাই তেওঁ দেখে ৰোগীসহ যানজঁটত আবদ্ধ হৈ আছে এম্বুলেন্সটো । কিন্তু কৃষ্ণ‌ই শান্ত হৈ বহি নাথাকে । নিজৰ গাড়ীৰ পৰা নামি এম্বুলেন্সটোক জাগা উলিয়াই দিবৰ বাবে দৌৰি যায় । কিছুসংখ্যক গাড়ীচালকক অনুৰোধ কৰি এম্বুলেন্সটোক জাগা উলিয়াই দিয়াৰ ব্যৱস্থা কৰে । কিন্তু তাতো বিশেষ লাভ নহয় । এজন চিকিৎসক হৈ চকুৰ পচাৰতে এনে পৰিস্থিতি দেখি অসহায় অনুভৱ কৰিছিল তেওঁ ।

সেই দিনৰ দৰে যানজঁটৰ মাজেৰে কৃষ্ণ‌ই ঘৰলৈ উভতিছিল ঠিকেই, কিন্তু মনৰ মাজত কোনোবাখিনিত এটা প্ৰশ্ন ৰৈ গৈছিল, ৰোগীজন সঠিক সময়ত হাস্পাতালত গৈ পালে নে ? শংকা যেন সত্য প্ৰমাণিত হ’ল । বাতৰি কাকতত প্ৰকাশিত খবৰ দেখি থৰ হৈ পৰিছিল কৃষ্ণ । মুহূর্ততে এক বিষণ্ণতাই গ্রাস কৰিছিল তেওঁক । এম্বুলেন্সখনক তেওঁ যানজঁটৰ পৰা ওলিয়াই অনাৰ চেষ্টা কৰিছিল, সেই এম্বুলেন্সত থকা ৰোগীৰ মৃত্যু হৈছিল সময়মতে হাস্পাতালত গৈ নোপোৱাৰ বাবে । এই ঘটনাই তেওঁক ভিতৰৰ পৰা খুলি খুলি খাইছিল । জন্ম হৈছিল তেওঁৰ আন এক সত্তাৰ ।

ইয়াৰ পাছতেই কৃষ্ণ সিদ্ধান্ত লয়, চিকিৎসাৰ লগতে তিনি যানজʼট নিয়ন্ত্ৰকৰো কাম কৰিব । কিন্তু বিচাৰিলেই যে সকলো হয়, তেনে নহয় । কৃষ্ণৰ ক্ষেত্রতো সেয়াই হৈছিল । তেওঁৰ সিদ্ধান্তৰ কথা পৰিয়ালৰ সদস্যসকলক জনোৱাৰ পাছতেই সকলোৱে আপত্তি কৰে । কিন্তু কৃষ্ণ‌ই অৱশেষত তেওঁলোকক বুজাবলৈ সক্ষম হয় ।

সেই ঘটনাৰ ঠিক ১১ বছৰ পাছত ২০২২ত পাৰিশ্রমিক অবিহনেই যানজঁট নিয়ন্ত্ৰকৰ আংশিক দায়িত্ব পালনৰ ভাৰ লয় কৃষ্ণ‌ই । প্রতি দিনে তেওঁ এঘণ্টাকৈ উত্তৰ প্রদেশৰ নয়ডাত যানজঁট নিয়ন্ত্ৰণ কৰে ।

কৃষ্ণ‌ই জনায়, যিহেতু ট্রেফিক আৰক্ষীৰ চৰকাৰী পোছাক অবিহনেই এই কাম কৰে, সেয়ে এই কাম কৰিবলৈ গৈ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

Exit mobile version