Pearl : খাদ্যৰ মাজত ওলাল বহুমূলীয়া মুকুতা ! ভ্ৰমণ কৰিবলৈ গৈ আঢ্যবন্ত হ’ল আমেৰিকাৰ যুৱক

1664688345 1

সমুদ্রসৈকতত ভ্ৰমণ কৰিবলৈ গৈ ৰেস্তোৰাঁত বহি খাদ্য গ্ৰহণ কৰিছিল পেনছিলভেনিয়াৰ বাসিন্দা স্কট অ’ভাৰলেণ্ডে । সেই খাদ্যৰ মাজতে তেওঁ বিচাৰি পালে বহুমূলীয়া ৰত্ন !

আমেৰিকাৰ পেনছিলভেনিয়াৰ ফিনিক্সভিলৰ বাসিন্দা স্কট পৰিয়ালৰ স’তে ছুটি কটাবলৈ ৰেহোবোথ সমুদ্রসৈকতত গৈছিল । তাত এখন ৰেস্তোৰাঁত সোমাইছিল ।

ৰেস্তোৰাঁত বহি পৰিয়ালৰ স’তে নৈশভোজ গ্ৰহণ কৰিছিল স্কটে । খাদ্যৰ তালিকাত আছিল সামুদ্রিক অইষ্টাৰো ।

অইষ্টাৰ খাই খাই থাকোতে স্কটে দাঁতত কিবা টান বস্তু লগা যেন অনুভৱ কৰে । খঙত অগ্নিশৰ্মা হৈ পৰে তেওঁ । ৰেস্তোৰাঁৰ কৰ্মচাৰীক মাতিবলৈ ল‌ওঁতেই মুখৰ পৰা সেই টান বস্তুবিধ উলিওৱাৰ পাছত চকু কপালত উঠে স্কটৰ ।

স্কটে দেখে, তেওঁৰ মুখৰ পৰা ওলোৱা কঠিন পদাৰ্থবিধ আকাৰত গোল আৰু জিলিকা । উজ্জ্বল বেঙুনীয়া ৰঙৰ ।

স্কটে প্রথমে ভাবিছিল এই গোল টান বস্তুবিধ প্ৰকৃততে মণি বা কেণ্ডিৰ টুকুৰা । তেওঁৰ পৰিয়ালৰ কোনো কোনোৱে কয়, এই বস্তুবিধ কাপোৰৰ বোতাম ।

কিছু সময় চোৱাৰ পাছত স্কটে বুজি পায় যে, তেওঁ শেষত যিটো অইষ্টাৰ খাইছিল তাৰ ভিতৰৰ পৰাই এই গোলাকাৰ বস্তুটো উলাইছে । তেওঁ দেখে যে অতি সুন্দৰভাধে সেই অইষ্টাৰৰ ভিতৰত বস্তুবিধ আঁতি গৈছে । বুজিব পাৰে যে, এই টান গোলাকৃতি জিলিকা বস্তুবিধ আন একো নহয়, বেঙুনীয়া ৰঙৰ এটা মুকুতা ।

স্কটে ৰেস্তোৰাঁৰ পৰা মুকুতাটো লৈ গুচি যায় । পাছত ঘৰলৈ উভতি ইন্টাৰনেটত মুকুতাটোৰ বিষয়ে সন্ধান উলিওৱা আৰম্ভ কৰে তেওঁ ।

স্কটে গৱেষণা কৰি পায় তে মুকুতাটোৰ দাম ছশ ডলাৰ (ভাৰতীয় মূল্যত প্রায় ৫০ হেজাৰ টকা)ৰং পৰা ১৬০০ ডলাৰ (ভাৰতীয় মূল্যত প্রায় এক লাখ ৩০ হেজাৰ)-ৰ ভিতৰত হোৱা উচিত ।

ইয়াৰ পাছতে মুকুতাৰ দামক লৈ আৰু নিশ্চিত হ’বলৈ এজন পৰিচিত মুকুতা বিশেষজ্ঞৰ স’তে কথা পাতে স্কটে ।

এইবাৰ স্কটৰ আৰু আচৰিত হোৱাৰ সময়ত আছিল । মুকুতা বিশেষজ্ঞজনে স্কটক জনায়, এই মুকুতাটো সাধাৰণ মুকুতা নহয়, ই অতি দুর্লভ আৰু বহুমূলীয়া ।

বিশেষজ্ঞজনে স্কটক আৰু জনায়, মুকুতাটোৰ আনুমানিক মূল্য চাৰি হেজাৰ ডলাৰ (ভাৰতীয় মূল্যত প্রায় তিনি লাখ ৫০ হেজাৰ টকা) ।

মুকুতাৰ দাম শুনেশি স্ফূৰ্তিত আত্মহাৰা হৈ পৰে স্কট । আনন্দত মতলীয়া হৈ তেওঁ ঘৰলৈ উভতি আহে ।

সংবাদমাধ্যম ফক্স নিউজৰ স’তে হোৱা এক সাক্ষাৎকাৰত স্কটে কয়, ‘‘ম‌ই ভাবিছিলো ভ্ৰমণ কৰিবলৈ গৈ এটা টি-শ্বার্ট বা এটা কফি মগ কিনি লৈ আহিম । কিন্তু তাৰ ঠাইত এনেকোৱা মূল্যৱান ৰত্ন লৈ আহিম, সেয়া কেতিয়াও ভবা নাছিলো ।’’

অৱশ্যে মুকুতাটোৰে কি কৰিব সেই বিষয়ে স্কটে একো জনোৱা নাই ।

Exit mobile version