Vande Mataram : কোনখন ৰাজ্য‌ই ফোন ধৰি ‘হেল্ল’ৰ পৰিৱৰ্তে ‘বন্দে মাতৰম্’ কোৱা বাধ্যতামূলক কৰিলে ?

mobile phone calling

ফোন ধৰি ‘হেল্ল’ ক’লে নহ’ব । ইয়াৰ পৰিৱৰ্তে ক’ব লাগিব, ‘বন্দে মাতৰম্’ । ৰাজ্যৰ চৰকাৰী কর্মচাৰী, বিষয়া আৰু চৰকাৰী সাহায্যপ্রাপ্ত প্রতিষ্ঠানৰ কর্মচাৰীসকলৰ বাবে এই নির্দেশ জাৰি কৰিলে মহাৰাষ্ট্র চৰকাৰে । শনিবাৰে প্রশাসনৰ তৰফৰ পৰা এই নিৰ্দেশাৱলী জাৰি কৰা হৈছে ।

নির্দেশেত অনুসৰি, চৰকাৰী বা চৰকাৰী সাহায্যপ্রাপ্ত কোনো প্রতিষ্ঠানৰ কর্মচৰায়ী লেণ্ডলাইন বা ম’বাইলত ফোন ধৰিলে ‘হেল্ল’ ক’ব নোৱাৰিব । তেওঁ ‘বন্দে মাতৰম্’ৰে কথা আৰম্ভ কৰিব লাগিব । এনেকি যিসকলে তেওঁলোকক লগ কৰিবলৈ আহিব তেওঁলোকেও ‘বন্দে মাতৰম্’ বুলি কৈ কথা আৰম্ভ কৰিব লাগিব ।

এই নিৰ্দেশাৱলীত আৰু কোৱা হৈছে, ‘হেল্ল’ শব্দটো পাশ্চাত্য সংস্কৃতিৰ পৰিচয়ক আৰু এইটো ‘নিৰস’ অভিবাদন মাত্র । এই শব্দটোৱে কোনো ‘ভালপোৱা’ ভাব জগাই নোতোলে । অন্যসকলকো ফোন ধৰি ‘বন্দে মাতৰম্’ কোৱা বা কথাবার্তা আৰম্ভ কৰিবৰ বাবে উৎসাহিত কৰিবলৈ কোৱা হৈছে নির্দেশনাত ।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্র চৰকাৰৰ সংস্কৃতি বিষয়ক বিভাগৰ মন্ত্রীৰ দায়িত্ব লাভ কৰি ‘বন্দে মাতৰম’ কোৱাৰ পক্ষত প্ৰশ্ন কৰিছিল সুধীৰ মুংগানতিৱাৰে । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এনে নির্দেশ জাৰি কৰা হ’ব বুলিও তেওঁ জনাইছিল । সুধীৰে কয়, ‘‘হেল্ল’ এটা ইংৰাজী শব্দ । আমি ইংৰাজী শব্দ বৰ্জন কৰা উচিত । ‘বন্দে মাতৰম্’ এটা অনুভুতি যি প্রত্যেক ভাৰতীয়ৰ বাবে গুৰুত্বপূর্ণ । আমি স্বাধীনতাৰ ৭৫ বছৰ উদ্‌যাপন কৰিছো । সেয়ে ম‌ই চৰকাৰী কর্মচাৰী আৰু বিষয়াসকলে ফোন ধৰি এতিয়াৰ পৰা হেল্ল’ৰ পৰিৱর্তে ‘বন্দে মাতৰম্’ কোৱাটো বিচাৰো ।’’ শনিবাৰে জাৰি হ’ল সেই আদেশ ।

Exit mobile version