টাৱাঙত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

টাৱাঙৰ জেমেইথাং ৰাজহ চক্ৰৰ বিটিকে অঞ্চলৰ কাষৰ ন্যামজাং চুত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘনাগ্ৰস্ত হয় । হেলিকপ্টাৰখনে দৈনিক ডিউটি কৰি আছিল । ফায়াৰ ডিভিছনৰ জিঅ’চিক নমাই সুৰৱা ছাম্বা অঞ্চলৰ পৰা আহি থকাৰ সময়তেই এই ঘটনা সংঘটিত হয় ।

এই মর্মান্তিক দুর্ঘটনাত এজন পাইলটক সংকটজনক অৱস্থাত ৩০৫ ফিল্ড হাস্পাতালত ভর্তি কৰোৱা হৈছে আৰু অন্য পাইলটসকল চিকিৎসাধীন হৈ আছে যদিও তেওঁলোক সংকটমুক্ত ।

Exit mobile version