Mukesh Ambani : মুকেশ অম্বানীক পুনৰ হত্যাৰ ভাবুকি ! ফোন আহিল ৰিলায়েন্স ফাউণ্ডেছন হাস্পাতালত, তদন্ত আৰম্ভ আৰক্ষীৰ

1664963286 mukesh

ৰিলায়েন্স মুৰব্বী মুকেশ অম্বানীক পুনৰ মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে । মুকেশ-পত্নী নীতা, দুই পুত্র আকাশ আৰু অনন্ত অম্বানীক হত্যাৰ ভাবুকি দিয়া হৈছে । সম্প্ৰতি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

সংবাদ স‌ংস্থা সূত্রে খবৰ, বুধবাৰে ছেৰ এইচএন ৰিলায়েন্স ফাউণ্ডেছন হাস্পাতালত এজন অচিনাকী ব্যক্তিয়ে ফোন কৰি ভাবুকি দিয়ে বুলি অভিযোগ । তাৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে । ডিবি মার্গ থানাত অভিযোগ দাখিল কৰা হৈছে ।

সূত্র মাৰফত জানিব পৰা গৈছে, বুধবাৰে বিয়লি ১২ বাজি ৫৭ মিনিটত হাস্পাতালৰ লেণ‌ডলাইন নম্বৰত ফোন কৰি সকীয়নি দিয়া হৈছে । হাসপাতালত বিস্ফোৰণ ঘটোৱাৰ সকীয়নি দিয়া হৈছে বুলি অভিযোগ ।

প্রসংগত, চলিত বছৰৰ আগষ্টত মুম্বাইৰ এই হাস্পাতালত ভাবুকি দিয়া ফোন আহিছিল বুলি অভিযোগ উত্থাপিত হয় । সেইবাৰ আঠবাৰ ফোন কৰি মুকেশৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়া হয় বুলি দাবী কৰা হৈছিল । তদন্তত নামি আফজল নামে এজন যুৱকক আটক কৰিছিল আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বে, বিগত বছৰৰ ফেব্রুৱাৰীত মুম্বাইত অম্বানীৰ বাসগৃহত ‘এন্টিলা’ৰ সন্মুখত গাড়ীতে বিস্ফোৰক উদ্ধাৰ কৰাৰ লৈ সংশয়ৰ সৃষ্টি হৈছিল । আৰক্ষী সূত্রে জানিব পৰা গৈছিল, গাড়ীৰ ভিতৰৰ পৰা ২০টা বিস্ফোৰক পদার্থ ‘জিলেটিন’ পোৱা গৈছিল ।

Exit mobile version