South Korea : উত্তৰ কোৰিয়াৰ ‘প্ৰতিশোধ’ ল’বলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ পৰিল দক্ষিণ কোৰিয়াতেই

1664952400 south korea

স্থানীয় সময় মঙলবাৰে গভীৰ নিশা (তাৰিখ অনুযায়ী বুধবাৰ) জুইৰ শিখা আৰু বিস্ফোৰণৰ দৰে শব্দত কঁপি উঠিছিল দক্ষিণ কোৰিয়াৰ উপকূলৱর্তী চহৰ গেংনিউং । উত্তৰ কোৰিয়াক প্ৰত্যুত্তৰ দিবলৈ তৎপৰ হ’ল দক্ষিণ কোৰিয়া‌ । নিজে নিক্ষেপ কৰা ক্ষেপণাস্ত্র গৈ পৰিল তেওঁলোকৰ দেশতেই ।

প্ৰযুক্তিগত সমস্যাৰ বাবে দক্ষিণ কোৰিয়াৰ বায়ুসেনাৰ ঘাটিতেই পৰে ক্ষেপণাস্ত্রটো । এই বায়ুসেনা ঘাটিটোৰ কাষতেই আছে গেংনিউং চহৰ । ক্ষেপণাস্ত্রটো পৰোতেই বিকট শব্দ হয় । জুইৰ শিখাও দেখা যায় ।

কিন্তু বিস্ফোৰণ ঘটা নাই । এই ঘটনাত কোনো আহত হোৱা নাই । অৱশ্যে আতংকিত হৈ পৰে চহৰৰ বাসিন্দাসকল । ইয়াৰ বাবে পাছত ক্ষমা বিচাৰে দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে ।

সংবাদ সংস্থা সূত্রে খবৰ, স্বল্প উজনৰ ‘হিউমু-২ বেলিষ্টিক’ ক্ষেপণাস্ত্রটো নিক্ষেপ কৰিবলৈ গৈ দক্ষিণ কোৰিয়াৰ বায়ুসেনাৰ ঘাটিতেই পৰে । এই ঘটনাৰ ভিডিঅ’ সমাজিক মাধ্যমত বিয়পি পৰাৰ পাছতেই দুর্ঘটনাৰ বিষয়টো লক্ষ্যত পৰে সেই দেশৰ সেনাৰ । কি কাৰণত এনে পৰিস্থিতি সৃষ্টি হ’ল, পৰ্যবেক্ষণ কৰা হৈছে বুলি দক্ষিণ কোৰিয়াৰ সেনাৰ তৰফৰ পৰা জনোৱা হৈছে ।

প্রসংগত, মঙলবাৰে জাপানৰ ওপৰেৰে হঠাৎ ক্ষেপণাস্ত্র নিক্ষেপ কৰে উত্তৰ কোৰিয়াই । তাৰ ২৪ ঘণ্টাৰ ভিতৰতেই ‘প্ৰতিশোধ’ ল’বলৈ উদ্যত হয় দক্ষিণ কোৰিয়া আৰু আমেৰিকা । কিমৰ দেশক প্ৰত্যুত্তৰ দিবলৈ যৌথভাৱে জাপান সাগৰত ক্ষেপণাস্ত্র শিক্ষেপ কৰিছে এই দুই দেশে ।

উত্তৰ কোৰিয়াৰ এই আচৰণক গৰিহণা দিছে জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । কিমক প্ৰত্যুত্তৰ দিবলৈ তেওঁলোকে ক্ষেপণাস্ত্রৰ পৰীক্ষা কৰিছে বুলি জনাইছে দক্ষিণ কোৰিয়াই ।

Exit mobile version