Uttarakhand Bus Accident : নিয়ন্ত্রণ হেৰুৱাই খালত পৰিল বিয়া ঘৰৰ বাছ, নিহত প্ৰায় ৩২, আহত ২০

images 4

বিয়া ঘৰৰ বাছ খালত পৰি দুৰ্ঘটনা উত্তৰাখণ্ডত (Uttarakhnd News) । দুর্ঘটনাত প্ৰায় ৩২ জনৰ মৃত্যু হৈছে (Accident Deaths) । গুৰুতৰভাৱে আহত হৈছে ২০ জন । ৰাজ্য আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে (SDRF) (NDRF) উদ্ধাৰকার্য চলাইছে । আহতসকলক স্থানীয় হাস্পাতালত ভর্তি কৰা হৈছে । এই ঘটনাত শোকপ্রকাশ কৰিছে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে (Rajnath Singh) ।

উত্তৰাখণ্ডৰ কোতদ্বাৰ জিলাৰ ধুমকোট থানাৰ অন্তর্গত ছিমড়ি গাঁৱত এই ভয়াৱহ দুর্ঘটনা সংঘটিত হৈছে । মঙলবাৰে গভীৰ নিশা যাত্রীভৰ্তি বাছখনে নিয়ন্ত্রণ হেৰুৱাই খালত পৰি যায় । আৰক্ষীয়ে জনাইছে, হৰিদ্বাৰৰ লাধঙৰ পৰা পাউৰিৰ বীৰখাল অভিমুখে গৈ আছিল বাছখন । সেই সময়তেই দুৰ্ঘটনা সংঘটিত হয় ।

আৰক্ষীয়ে জনাইছে, বিয়াৰ বাবে বুক কৰা হৈছিল বাছখন । দুর্ঘটনাৰ খবৰ পায়েই ঘটনাস্থলত উপস্থিত হয় আৰক্ষী । দুৰ্যোগ প্ৰশমন বাহিনীকো‌ খবৰ দিযা হয় । স্থানীয়সকলেও তেওঁলোকক উদ্ধাৰকার্যত সহায় কৰে । ইয়াৰ পাছতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীও ঘটনাস্থলীত উপস্থিত হয় ।

দুর্ঘটনাৰ খবৰ পাই কালি নিশাই ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগত উপস্থিত হয় উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামি । তেওঁ মৃতসকলৰ পৰিয়ালবৰ্গক সমবেদনা জনায় । দুর্ঘটনাত শোক প্রকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী সিঙেও ।

তেওঁ টুইটাৰত লিখে, ‘উত্তৰাখণ্ডৰ পাউৰি জিলাত বাছ দুর্ঘটনা অত্যন্ত হৃদয় বিদাৰক ঘটনা । মৃতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো । ঈশ্বৰে তেওঁলোকক শক্তিশালী হোৱাৰ ক্ষমতা দিয়ক । যিসকল লোক দুর্ঘটনাত আহত হৈছে, তেওঁলোকৰ দ্রুত আৰোগ্য কামনা কৰিলো’ ।

দুর্ঘটনাত শোক প্রকাশ মন্ত্ৰী ৰাজনাথ সিঙৰ

উত্তৰাখণ্ড আৰক্ষী প্রধান অশোক কুমাৰে জনাইছে, বিয়াঘৰৰ লোক গৈছিল । নিয়ন্ত্রণ হেৰুৱাই খালত পৰি যায় বাছখন । নিশাই আৰম্ভ হয় উদ্ধাৰকার্য । ২১ জনক নিশাই উদ্ধাৰ কৰা হয় । আহতসকলক স্থানীয় হাস্পাতালত ভর্তি কৰা হৈছে ।

Exit mobile version