শোণিতপুৰত দেৱী প্ৰতিমা বিসৰ্জন স্থলীত অঘটন

গাভৰু নদীত দেৱী বিসৰ্জনৰ কৰিবলৈ গৈ উটি গ'ল কে'বাজনো

maa durga visarjan 16337479124x3 1

পশ্চিমবংগৰ জলপাইগুৰিতো একে ধৰণৰ ঘটনা সংঘটিত, আঠজন লোকে প্ৰাণ হেৰুৱালে

 

বুধবাৰে দশমীৰ আনন্দ উছাহৰ মাজতে দুৰ্গা বিসৰ্জনৰ পৰ্ব চলি থাকোতেই হঠাতে পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত কেইবাজনো লোক বাঢনী পানীত উটি যায় ৷ এই ঘটনা সংঘটিত হয় শোণিতপুৰ জিলাৰ মিছামাৰীৰ গাভৰু নদী৷ অৱশ্যে কেইবাজনো লোকক উদ কৰা বিপৰীতে দুজনকৈ লোক সন্ধানহীন হৈ আছে ৷

আনহাতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মালবজাৰ অঞ্চলতো একে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰায় আঠজন লোকে প্ৰাণ হেৰুৱাই আৰু আন কেইবাজনো লোক মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত দুৰ্ঘটনাত সন্ধানহীন হৈ আছে।

এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিজয়দশমীত অনুষ্ঠিত বিসৰ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মাল নদীৰ পাৰত শ শ লোক সমবেত হৈছিল।

Exit mobile version