Avalanche : গঢ়ৱালত তুষাৰ খহি মৃত্যু পুনৰ পাঁচ পর্বত আৰোহীৰ দেহ উদ্ধাৰ, বৰ্তমানো সন্ধানহীন ২২

avalanche

উত্তৰাখণ্ডৰ গঢ়ৱাল হিমালয়ৰ ‘দ্রৌপদী কা ডণ্ডা-২’ শিখৰৰ কাষত মঙলবাৰৰ তুষাৰ খহি মৃত্যু হোৱা আৰু পাঁচ পর্বত আৰোহীৰ দেহ উদ্ধাৰ কৰা হ’ল বৃহস্পতিবাৰে । এই পর্যন্ত মুঠ ন জনৰ দেহ উদ্ধাৰ কৰা হ’ল । উত্তৰ কাশীৰ পর্বত আৰোহণ প্রশিক্ষণকেন্দ্র ‘নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং’ (নিম)-ৰ তৰফৰ পৰা জনাইছে, এই পর্যন্ত তেওঁলোকৰ পর্বত আৰোহী দলৰ ২২ জন সন্ধানহীন ।

উদ্ধাৰকাৰী দলৰ সদস্যসকলে আৰু কেইটামান দেহৰ সন্ধান পাইছে বুলি উত্তৰাখণ্ড চৰকাৰৰ এটা সূত্র‌ই জনাইছে । কিন্তু দুর্গম আৰু প্রতিকূল বতৰৰ বাবে দেহবোৰ এতিয়াও উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই । ‘দ্রৌপদী কা ডণ্ডা-২’ অভিযানত এইবাৰ ‘নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং’-ৰ মুঠ ৪১ জনীয়া দল গৈছিল । দলটোত মুঠ ন জন প্রশিক্ষক আছিল । সাত প্রশিক্ষকসহ মুঠ ১২ জনক এই পর্যন্ত জীৱিত উদ্ধাৰ কৰা হৈছে ।

ইয়াৰ উপৰি এই দলত স্থানীয় কিছু মালবাহক আছিল বুলিও উত্তৰাখণ্ড আৰক্ষীৰ এটা সূত্র‌ই জনাইছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া চাৰিজনৰ দেহ উদ্ধাৰ কৰা হৈছিল । তেওঁলোকৰ ভিতৰত, উত্তৰাখণ্ডৰ এভাৰেষ্টজয়ী পর্বত আৰোহী তথা নিমৰ প্রশিক্ষক সবিতা কাঁছৱাল, এজন প্রশিক্ষক নাউমি আৰু দুই শিক্ষার্থী আছিল । সবিতা ভাৰতৰ দ্বিতীয় এভাৰেষ্টজয়ী মহিলা পর্বত আৰোহী যাৰ মৃত্যু হ’ল হিমালয়ৰ দুর্ঘটনাত । তেওঁৰ পূৰ্বে ২০১৪ৰ মে’ত কাঞ্চনজংঘা জয়ৰ পাছত ইয়াংলুং কাং শৃংগত আৰোহণ কৰিবলৈ গৈ মৃত্যু হৈছিল পশ্চিমবংগৰ ছন্দা গায়েনৰ ।

গঢ়ৱাল হিমালয়ৰ ‘দ্রৌপদী কা ডণ্ডা-২’ শৃংগৰ উচ্চতা ৫,৬৭০ মিটাৰ । এই অঞ্চল দুর্ঘটনাপ্রৱণ হিচাপেও পৰিচিত । পর্বত আৰোহণ বিশেষজ্ঞসকলৰ ধাৰণা, পাহাৰৰ ঢালত জমা হৈ থকা তুষাৰৰ স্তূপ হঠাৎ খহি প্ৰায় বাবেই প্রাণ গ’ল পৰ্বত আৰোহীসকলৰ । এই দলৰ মুঠ ২২ জন শিক্ষার্থী এতিয়াও সন্ধানহীন ।

Exit mobile version