Mukesh Ambani : মুকেশ অম্বানীক হত্যাৰ ভাবুকিৰ অভিযোগত বিহাৰৰ পৰা এজন অভিযুক্তক আটক মুম্বাই আৰক্ষীৰ

WhatsApp Image 2022 10 06 at 16.58.14

ৰিলায়েন্স প্ৰধান মুকেশ অম্বানী আৰু তেওঁৰ পত্নী-পুত্রক হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকক গ্রেপ্তাৰ কৰিলে মুম্বাই আৰক্ষীয়ে । বিহাৰৰ পৰা বৃহস্পতিবাৰে এজন লোকক আটক কৰা হৈছে ।

সংবাদ সংস্থা সূত্রে খবৰ, স্থানীয় আৰক্ষীৰ সহায়ত বিহাৰৰ দ্বাৰভাঙা জিলাত বুধবাৰে মাজ নিশা (তাৰিখ অনুযায়ী বৃহস্পতিবাৰ) অভিযুক্ত লোকজনক আটক কৰিছে মুম্বাই আৰক্ষীয়ে । তেওঁক মুম্বাইলৈ লৈ যোৱা হ’ব । কি কাৰণত মুকেশ অম্বানীক ভাবুকি দিয়া হ’ল, পৰ্যবেক্ষণ কৰা হৈছে বুলি আৰক্ষী সূত্রে খবৰ ।

প্রসংগত, বুধবাৰে বিয়লি ১২ বাজি ৫৭ মিনিটত ছেৰ এইছএন ৰিলায়েন্স ফাউণ্ডেছন হাস্পাতালত এজন অচিউ লোকে ফোন কৰি ভাবুকি দিয়ে বুলি অভিযোগ । অভিযোগ অনুসৰি ফোনত মুকেশ অম্বানীক হত্যা কৰাৰ সকীয়নি দিয়া হয় ।

মুকেশ-পত্নী নীতা, দুই পুত্র আকাশ আৰু অনন্ত অম্বানীকো হত্যা কৰাৰ ভাবুকি দিয়া হয় । হাস্পাতালত বিস্ফোৰণ কৰাৰ সকীয়নি দিয়া হয় । এই ঘটনা সন্দৰ্ভত ডিবি মার্গ থানাত অভিযোগ দাখিল কৰা হয় ।

চলিত বছৰৰ আগষ্টতো মুম্বাইৰ এই হাস্পাতালখনত ভাবুকি ফোন আহিছিল বুলি অভিযোগ উত্থাপিত হয় । তেতিয়া আঠবাৰ ফোন কৰি মুকেশৰ পৰিয়ালক হত্যাৰ সকীয়নি দিয়া হয় বুলি দাবী কৰা হৈছিল । তদন্ত কৰি আফজল নামে এজন যুৱকক আটক কৰিছিল আৰক্ষীয়ে ।

Exit mobile version