5 MINORS RESCUED AT NJP STATION : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (এনএফআৰ) ৰে’ল সুৰক্ষা বাহিনীয়ে ২৭ ছেপ্টেম্বৰৰ পৰা নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ ৰে’লপথত চলোৱা অভিযান আৰু নিয়মীয়া তালাচীত বিভিন্ন ষ্টেচনৰ পৰা মুঠ পাঁচজন নাবালকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰৰ পিছত নাবালক কেইটিক চমজাই দিয়া হয় চাইল্ডলাইন কৰ্তৃপক্ষৰ হাতত ৷
ADVERTISEMENT
উল্লেখ্য যে ২৭ ছেপ্টেম্বৰত নিউ জলপাইগুৰিৰ আৰপিএফে নিউ জলপাইগুৰি ৰেল ষ্টেচনত ডিব্ৰুগড়-চণ্ডিগড় এক্সপ্ৰেছৰ নিয়মীয়া তালাচীত উদ্ধাৰ কৰে নাবালক কেইটাক। ইয়াৰে এজন পলায়ন কৰিছিল যদিও একেদিনাই গুৱাহাটী ৰে’ল ষ্টেচনত আৰপিএফে উদ্ধাৰ কৰে । আনহাতে ৩০ ছেপ্টেম্বৰত আৰপিএফে শিলচৰ ষ্টেচনৰ পৰা আন এজন পলাই যোৱা নাবালকক উদ্ধাৰ কৰে।