EVER WONDERED WHY ALL WATCH ADS TIME SET 10:10 : ঘড়ী দোকানত প্ৰতিটো ঘড়ীৰ কাঁটা সদায় ১০ বাজি ১০ মিনিটত থাকে কিয় ?

WhatsApp Image 2022 10 07 at 14.39.24

EVER WONDERED WHY ALL WATCH ADS TIME SET 10:10 : আপুনি যেতিয়াই কোনো শ্ব’ৰুমত দেৱাল ঘড়ী বা হাত ঘড়ী দেখে আপুনি নিশ্চয়কৈ লক্ষ্য কৰিছে যে ঘড়ীটোত ১০ বাজি ১০ মিনিট যোৱাৰ কথা ।
এই বিশেষ সময়ক লৈ মানুহৰ মাজত প্ৰচলিত হৈ আহিছে বহুতো কাহিনী । আজি এই প্ৰতিবেদনত এই বিশেষ সময়ক লৈ কিছু আলোচনা আগবঢ়োৱা হৈছে ।
শ্ব’ৰুমত প্ৰতিটো ঘড়ীতে সকলো সময়তে কিয় ১০ বাজি ১০ মিনিট যোৱা দেখা পায় ? এই প্ৰশ্নৰ বেছিভাগ উত্তৰ হৈছে যে, এই বিশেষ সময়তে ঘড়ীৰ আৱিষ্কাৰ হৈছিল

যাৰবাবে ঘড়ী নিৰ্মাতা সকলে এই বিশেষ সময় নিৰ্বাচন কৰিছিল । কিন্তু এই যুক্তি সঁচা নহয় । মূলতে ঘড়ীৰ কাঁটা যেতিয়া ১০-১০ ত থাকে , তেতিয়া কাঁটাই ‘ভি’ (v) চিহ্ন তৈয়াৰ কৰে । যিটো বিজয়ৰ প্ৰতীক হিচাপে দেখা পোৱা যায় । এই কাৰণটো শুদ্ধ বুলি ভবা হয় যদিও ইয়াৰ সত্যতাৰ প্ৰমাণ অৱশ্যেই পোৱা হোৱা নাই । অন্যহাতে একাংশ বিশেষজ্ঞৰ মতে , এই ১০-১০ মিনিট সময়টো প্ৰস্তুতকাৰীসকলে দিছে , কাৰণ প্ৰস্তুতকাৰীসকলে ঘড়ীৰ নাম ১২ টা চিহ্নৰ তলত লিখে । ইয়াৰফলত নিৰ্মাতাৰ নাম তৎক্ষণাত মানুহৰ চকুত পৰে আৰু গ্ৰাহকে ক্ৰয় কৰিবলৈ আগ্ৰহ কৰে । অৰ্থাৎ কোম্পানীয়ে বিপণনৰ ক্ৰেতাৰ বাবেই এই বিশেষ সময় নিৰ্বাচন কৰিছে ।

ইফালে কিছু লোকে বিশ্বাস কৰে যে ,এই ১০-১০ সময়ত জাপানৰ নাগাচাকি-হিৰোছিমাত পাৰমাণবিক বোমা নিক্ষেপ কৰা হৈছিল । যাৰবাবে ঘড়ী নিৰ্মাতা সকলে নিহত ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈকে এই সময় নিৰ্বাচন কৰি আহিছে । কিন্তু এই কথাও সত্য নহয় ,কাৰণ পাৰমাণবিক বোমা স্থানীয় সময় মতে ৮-১০ বজাত নিক্ষেপ কৰা হৈছিল । আকৌ কোনো কোনো বিশেষজ্ঞই দাবী কৰে যে , আমেৰিকাৰ প্ৰেছিডেণ্ট আব্ৰাহাম লিঙ্কনক গুলিবিদ্ধ কৰাৰ সময়ত তেওঁৰ পকেট ঘড়ীত গুলি লাগিছিল আৰু তেতিয়া সেই ঘড়ীটোত সময় ১০-১০ মিনিট দেখাইছিল । যাৰবাবে পৃথিৱীৰ সকলো ঘড়ীতে একেটা সময় দেখা পোৱা যায় ।

Exit mobile version