RANGJULI:ৰংজুলিৰ কাহিবাৰীত মৃত হাতী পোৱালি উদ্ধাৰ

WhatsApp Image 2022 10 07 at 14.31.07

RANGJULI:ৰংজুলিৰ কাহিবাৰী আল্লিবাৰীত উদ্ধাৰ হৈছে এটা মৃত হাতীৰ পোৱালি । পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা হাতীৰ পোৱালিটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ইফালে স্থানীয় লোকে কোনো দুৰ্বৃত্তই বিদ্যুৎ তাৰ সংযোগ কৰি হাতীৰ পোৱালিটোক হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে ।
ইতিমধ্যে পশু চিকিৎসা কৰ্মীৰ এটা দল উপস্থিত হৈ হাতীটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতেই বন বিভাগে পোতাৰ ব্যৱস্থা কৰিছে ।
উল্লেখযোগ্য যে , এই সমগ্ৰ অঞ্চলটোত দীৰ্ঘ দিনৰ পৰাই খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক ওলাই অহা পৰিলক্ষিত হৈছে ।

পশু চিকিৎসকে হাতীৰ পোৱালিটোৰ বয়স চাৰি-পাঁচ বছৰ মান হ’ব বুলি অনুমান কৰিছে ।
দুদিন পূৰ্বে এই অঞ্চলতে পথাৰত এটা হাতীৰ পোৱালি জন্ম হোৱাৰ পিছতে আজি মৃত হাতীৰ পোৱালি উদ্ধাৰ হোৱাত স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Exit mobile version